#‘ফ্রজেন মীট’ৰ নামত কলকাতাৰ ধূৰন্ধৰ চক্রই খুৱাইছে বৰবিহ
#জেৰাত দুই অন্যতম মাষ্টাৰমাইণ্ডৰ বিস্ফোৰক তথ্য
# সীমান্তৱর্তী কোচবিহাৰআলিপুৰদুৱাৰত আৰক্ষীৰ চোকা নজৰ
নতুন দিল্লীঃ বহিঃৰাজ্যৰ পৰা আমদানি হােৱা ‘ফ্রজেন মীট’ অর্থাৎ প্রচেছড মীট’ৰ নামত ৰাজ্যবাসীয়ে খাই আছে বিহ। কলকাতাৰ এটা ক'লা ব্যৱসায়ীচক্রই দীর্ঘদিনৰ পৰা ‘ডাম্পিং গ্রাউণ্ডৰ পৰা সংগ্ৰহ কৰি অনা মৃত-উৱলি যােৱা কুকুৰ, মেকুৰী, গৰু, ছাগলী আদি পশুৰ৷ মাংস বিশেষ পদ্ধতিৰে সংশাধন কৰি অসমলৈ প্ৰেৰণ কৰি আহিছে। এই পেকেজড মাংস শ্বপিং মল-ডিপার্টমেন্টল ষ্টোৰৰ পৰা আনি হােটেল, ৰেষ্টুৰেণ্ট, ধাবা আদিয়ে পৰিৱেশন কৰি। থকাৰ সমান্তৰালভাৱে বহু লােকে ঘৰতাে খাই আহিছে। শেহতীয়াকৈ কলকাতাৰ ৰাজাবজাৰস্থিত এটা শীতলীকৰণভঁৰালৰ পৰা ২০ টন অর্থাৎ ২০ হাজাৰ কেজি মাংস আৰক্ষীয়ে জব্দ কৰাৰ পিছতে এই ভয়ংকৰ ঘটনা পােহৰলৈ আহে।
উল্লেখ্য যে যােৱা বুধবাৰে কলকাতা আৰক্ষীয়ে ৰাজাবজাৰ অঞ্চলত থকা এটা শীতলীকৰণ ভঁৰালত অভিযান চলাই ২০ টন মাংসৰ লগতে এই মাংসসমূহ পেকেজিং কৰিবলৈ ব্যৱহাৰ কৰা ১০০০ প্লাষ্টিকৰ বেগ জব্দ কৰে। তাৰ পিছত যােৱা দুদিনত আৰক্ষীয়ে মাংস ৰপ্তানিৰ লগত জড়িত ১০জনকৈ লােকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পশ্চিমবংগ আৰু বিহাৰৰ পৰা গ্রেপ্তাৰ হােৱা এই লােককেইজনৰ স্বীকাৰােক্তিত পােহৰলৈ আহে যে তেওঁলােকে যােৱা ৫ বছৰ ধৰি কলকাতাৰ বিভিন্ন ‘ডাম্পিং গ্রাউণ্ড’ৰ পৰা মৃত কুকুৰ, মেকুৰী, গৰু, ছাগলী সংগ্ৰহৰ পাছত বিশেষ পদ্ধতিৰে সংশাধন (প্রচেছড) কৰি বিক্ৰীৰ বাবে প্ৰস্তুত কৰি তােলে। তাৰ পিছতে এই মাংসসমূহ পেকেজিং কৰি ‘ফ্রজেন মীট হিচাপে অসমলৈ প্ৰেৰণ কৰে। অসমৰ লগতে বিহাৰ আৰু ওড়িশাতাে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ কাৰক এই অস্বাস্থ্যকৰ মাংসৰ ব্যৱসায় চলাই আহিছে ধুন্ধৰ ব্যৱসায়ী চক্ৰটোৱে। তেওঁলােকক ধাৰাবাহিকভাৱে জেৰা কৰি থকাৰ সমান্তৰালভাৱে কালি কলকাতা আৰক্ষীয়ে পুনৰ অভিযান চলাই দমদম বিমানবন্দৰৰ সমীপৰ পৰা ৰপ্তানিৰ বাবে সাজু কৰি ৰখা ৮০ কেজি মাংসৰ লগতে কেইবাটাও ডীপ ফ্রীজাৰ আৰু প্লাষ্টিকৰ বেগ জব্দ কৰিছে। উক্ত অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে জব্দকৃত মাংসখিনি প্ৰেৰণ কৰিবলৈ লােৱা প্ৰতিষ্ঠানৰ তালিকাও; যত অসমৰ কেইবাটাও প্রতিষ্ঠানৰ নাম থকা বুলি জানিব পৰা গৈছে। কলকাতা আৰক্ষীৰ এটা সুত্ৰই প্ৰকাশ কৰা মতে, কালি জব্দ কৰা ৮০ কেজি মাংস ব্যৱসায়ীকেইজনে পেকেজড কুকুৰাৰ মাংস বুলি ৰপ্তানিৰ বাবে সাজু কৰিছিল। আৰক্ষীয়ে জব্দকৃত ৮০ কেজি মাংস পৰীক্ষা কৰিবৰ বাবে ইতিমধ্যে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। মৃত পশুৰ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে বিগত এসপ্তাহ ধৰি আৰক্ষীয়ে চলাই থকা অভিযােগে সমগ্র পশ্চিমবংগত তােলপাৰ লগাইছে। এই অস্বাস্থ্যকৰ মাংসৰ ব্যৱসায়ৰ লগত অসমৰ নাম সাঙোৰ খাই পৰাত স্বাভাৱিকতে ৰাজ্যখনৰ জনস্বাস্থ্যৰ দিশটোও চিন্তনীয় হৈ পৰিছে। #কেনেকৈ পােহৰলৈ আহিল এই ভয়ংকৰ ব্যৱসায়ৰ তথ্য?
যােৱা ২০ এপ্রিলত দক্ষিণ ২৪ পৰগনা জিলাৰ বজবজ আৰক্ষী থানাৰ এটা দলে বৃহৎ পৰিমাণৰ মাংস এখন টেক্সিত কঢ়িয়াই নি থকা অৱস্থাত দুজন লােকক গ্রেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে লৈ ইয়াৰ তদন্ত কৰিবলৈ আৰক্ষীয়ে চাৰিটা বিশেষ দল গঠন কৰে। এই দলসমূহে দক্ষিণ ২৪ পৰগনা জিলাৰ সােণাৰপুৰ, বজবজ, উত্তৰ ২৪ পৰগনা জিলাৰ কানকিনাৰা, ভাটপাৰা আৰু কলকাতাৰ নাৰকেলডাঙা (জাপা) টাংৰাত একে সময়তে অভিযান চলায়। লগতে বজবজ থানাৰ আৰক্ষীয়ে কলকাতাৰ পৰা নিলগৰ সুভাষ উদয়ন অঞ্চলৰ পৰা পৌৰসভাৰ কৰ্মচাৰী ৰাজা মল্লিক আৰু টেক্সিচালক ভিনচেন চিমনকো গ্রেপ্তাৰ কৰে। অনুসন্ধানৰ সময়ছােৱাত আৰক্ষীৰ জালত পৰে নাদিয়া জিলাৰ গায়েশপুৰ পৌৰসভাৰ প্ৰাক্তন কাউঞ্চিলৰ তথা ৬২ বর্ষীয় স্থানীয় চি পি আই (এম) নেতা মাণিক মুখার্জী। তেওঁ স্থানীয় কল্যাণী পৌৰসভাৰ এজন সদস্যওঁ আছিল। সেইসময়ত চি পি আই (এম) নেতাজনে ‘ডাম্পিং গ্রাউণ্ড সমূহ চোৱাচিতা কৰিছিল। আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক গ্রেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ২৭২, ২৭৩ আৰু ৩০৮ ধাৰাৰ লগতে আন কেইবাখনাে আইনৰ অধীনত গােচৰ ৰুজু কৰি জেৰা আৰম্ভ কৰে। জেৰাৰ সময়তে অভিযুক্তকেইজনে দিয়া স্বীকাৰােক্তিৰ ভিত্তিত বুধবাৰে ৰাজাবজাৰৰ পৰা ২০ টন গেলি যােৱা কুকুৰ, মেকুৰী, গৰু, ছাগলীৰ মাংস জব্দ কৰে। আটাইবােৰ মাংস কলকাতাৰ বিভিন্ন ডাম্পিং গ্রাউণ্ডৰ পৰা সংগ্ৰহ কৰি বিক্ৰীৰ বাবে সাজু কৰা হৈছিল। কলকাতা আৰক্ষীয়ে ইতিমধ্যে এই ব্যৱসায়ৰ লগত জড়িত থকা বিহাৰ আৰু পশ্চিমবংগৰ আন কেইবাজনাে ব্যক্তিক গ্রেপ্তাৰ কৰিছে। তেওঁলােকৰ স্বীকাৰােক্তিয়ে অসমত চলি থকা মৃত পশুৰ গেলা মাংসৰ ব্যৱসায়ৰ বহু বিস্ফোৰক তথ্য পােহৰলৈ আনিছে। বজবজ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস সিনহাই এই সন্দৰ্ভত জানিবলৈ দি কয় যে প্রাথমিক পর্যায়ত কলকাতাৰ শিয়ালদহত মাংস বিক্ৰী কৰাৰ বাবে সাজু কৰা কেইজনমান ব্যৱসায়ীক গ্রেপ্তাৰ কৰা হৈছিল। সেই ব্যৱসায়ীকেইজনৰ স্বীকাৰােক্তিৰ ভিত্তিতেই অন্যতম দুই মাষ্টাৰ মাইণ্ড ছানী মল্লিকক বিহাৰৰ নাৱড়া জিলা আৰু দুৰফৰ হুছেইনক কল্যাণীৰ পৰা গ্রেপ্তাৰ কৰা হয়। এই দুজন লােকে অসমলৈ ফ্রজেন মীট’ৰ নামত দৈনিক বৃহৎ পৰিমাণৰ মৃত পশুৰ মাংস প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। সমান্তৰালভাৱে ওড়িশা আৰু বিহাৰলৈও এনে দুষিত মাংস প্ৰেৰণৰ কথা স্বীকাৰ কৰিছে ধৃত দুয়ােজন লােকে।
# কেনেকৈ গেলা মাংস খােৱাৰ বাবে প্ৰস্তুত কৰা হয়?
‘ডাম্পিং গ্রাউণ্ড’ৰ পৰা সংগ্ৰহ কৰা মৃত কুকুৰ, মেকুৰী, গৰু, ছাগলীৰ মাংস প্রথমতে কাটি লােৱা হয়। তাৰ পিছত সেই মাংসখিনি ফর্মেলিনেৰে ধুই চর্বি অংশ আঁতৰাই পেলােৱা হয়। কিন্তু তেতিয়াও পচনৰােধ কৰা সম্ভৱ নহয়। এতিয়া মাংস মিহলােৱা হয় কেলছিয়াম প্রােপলেট এচিড়। এই এচিড়ে মাংসৰ পচন ৰােধ কৰে যদিও দুর্গন্ধ আঁতৰি নাযায়। ইয়াৰ বাবে লেড ছালফেড আৰু এলুমিনিয়াম ছালফেট মাংসত প্ৰচুৰ পৰিমাণে সানি দিয়া হয় বা এই ৰাসায়নিক দ্রব্যত দীর্ঘসময় ডুবাই ৰখা হয়। এলুমিনিয়াম ছালফেটে মাংসৰ স্বাভাৱিক সােৱাদ ঘূৰাই আনে। এতিয়া হাজাৰ হাজাৰ কেজি মাংস ফ্ৰীজত ভৰাই থৈ পৰৱৰ্তী সময়ত পর্যায়ক্রমে পেকেজিং কৰি বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়। কিন্তু এই ৰাসায়নিক দ্রব্যসমূহ শৰীৰৰ বাবে অত্যন্ত ভয়ংকৰ। সহজতে সৃষ্টি কৰিব পাৰে দুৰাৰােগ্য ৰােগ। আৰক্ষীৰ অভিযানত এই চাঞ্চল্যকৰ তথ্য পােহৰলৈ অহাৰ পিছত সমগ্র পশ্চিমবংগত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। নিশ্চিতভাৱে স্বাস্থ্যৰ প্রতি দুৰাৰােগ্য ৰােগৰ বীজাণু কঢ়িয়াই অনা গেলা কুকুৰ, মেকুৰী, গৰু, ছাগলীৰ ‘ফ্র’জেন মীটে’ অসমৰ জনস্বাস্থ্যতাে বিৰূপ প্ৰভাৱ পেলাব। এই ঘটনালানিক গুৰুত্বসহকাৰে লৈ পশ্চিমবংগ চৰকাৰে সকলাে সীমান্তৱর্তী অঞ্চলত চকু ৰাখিবলৈ ৰাজ্যখনৰ আৰক্ষীক কঠোৰ নির্দেশ দিছে। সেইমর্মে আলিপুৰদুৱাৰ আৰু কোচবিহাৰত আৰক্ষীয়ে সকলাে মালবাহী ট্রাকত তালাচী অব্যাহত ৰাখিছে।
0 comments: