ডিব্ৰুগড়ত গােপাল চন্দ্র বৰাক আৰক্ষীৰ জেৰা
শীঘ্ৰে আৰক্ষীয়ে সােধা-পােছা কৰিব সুনন্দা পালক
ডিব্ৰুগড় : কুখ্যাত ৰাকেশ পালৰ পৃষ্ঠপােষকতাত অসম লােকসেৱা আয়ােগ (এ পি এছ চি)ত সংঘটিত সর্বকালৰ সর্ববৃহৎ দুর্নীতিৰ তদন্ত আগবঢ়াই নিয়া ডিব্ৰুগড় আৰক্ষীৰ হাতত পৰিছে কেতবােৰ বিস্ফোৰক তথ্য শেহতীয়াকৈ ভঙাগড়ৰ আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ সমীপৱৰ্তী ‘অম্বিকাশ্রীহৰি এপার্টমেণ্টৰ ‘৫-চি’ ফ্লেটত উত্তৰহীৰ ৫০০টা পৃষ্ঠা উদ্ধাৰ হােৱা ঘটনাৰ পৰাই আৰক্ষীৰ তদন্তই নতুন গতি লাভ কৰিছে।শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে উক্ত ফ্লেটটোৰ গৰাকী, দুধনৈৰ ব্যৱসায়ী গােপাল চন্দ্র বৰাক দীর্ঘ সময় ধৰি জেৰা কৰে। যােৱা বুধবাৰে বন্ধ ফ্লেটৰ পৰা উকা উত্তৰবহীৰ পৃষ্ঠাসমূহ জব্দ কৰি তদন্তকাৰী আৰক্ষীয়ে ফ্লেটৰ গৰাকী গােপাল চন্দ্র বৰাক জেৰাৰ বাবে তলব কৰিছিল। আৰক্ষীৰ নিৰ্দেশমর্মে তেওঁ দুপৰীয়া সদৰ থানাত উপস্থিত হয়। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে ব্যৱসায়ীজনক দুঘণ্টাতকৈ অধিক সময় জেৰা কৰে। জেৰাত, গােপাল চন্দ্ৰ বৰাই প্ৰকাশ কৰে যে তেওঁৰ ভঙাগড়স্থিত ফ্লেটটো ৰাকেশ পালৰ পত্নী সুনন্দা পালে ভাৰালৈ লৈছিল। ভাৰাৰ বাবে কোনাে লিখিত চুক্তি স্বাক্ষৰ কৰা হােৱা নাছিল।
মৌখিক কথা মতেই ফ্লেটটো সুনন্দা পালক ভাৰাত দিয়া হৈছিল ২০১৬ চনৰ প্ৰথম ভাগত বৰপেটাৰ এজন সাংবাদিকৰ জৰিয়তে ৰাকেশ পালৰ পত্নীয়ে ভাৰাত লৈছিল। ২০ দিনমান পূর্বেহে তেওঁ ফ্লেটৰ চাবিপাত গৰাকীক ওভতাই দিছিল। তাৰ পাছত এই ফ্লেটটোকে নতুন ভাৰাতীয়াক দিয়া হৈছিল যদিও এতিয়ালৈকে তেওঁলােকে তাত প্ৰৱেশ কৰা নাই। তাৰ পূর্বে যােৱা বুধবাৰে নিশা সুৰজিৎসিং পানেছৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই লােকসেৱা আয়ােগৰ উত্তৰবহীৰ প্রথম পৃষ্ঠাৰ ২০০টা শ্বীট আৰু ভিতৰৰ পৃষ্ঠাৰ ৩০০টা শ্বীট উদ্ধাৰ কৰে। ইতিমধ্যে উত্তৰবহীৰ পৃষ্ঠাসমূহ ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, এই ফ্লেটটোতে ৰাকেশ পালেউৎকোচ লােৱা প্রার্থীসমূহৰ বাবে পৃথককৈ গােপনে পৰীক্ষা অনুষ্ঠিত কৰিছিল। আৰক্ষীয়ে লাভ কৰা বিশেষ তথ্যৰ আধাৰতে ফ্লেটটোত অতর্কিতে অভিযান চলাই গুৰুত্বপূর্ণ নথিপত্ৰসমুহ লাভ কৰে।
এই সমগ্র ঘটনালানিৰ লগত ওতপ্রােতভাবে জড়িত দুধনৈৰ স্বপন সাহা নামৰ এজন ব্যক্তিকো ডিব্ৰুগড় আৰক্ষীয়ে জেৰাৰ বাবে তলব কৰিছে। একে সময়তে এই ফ্লেটটো ভাৰাত লােৱাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা লােৱা বৰপেটাৰ এজন সাংবাদিকৰ লগতে ৰাকেশ পালৰ পত্নী সুনন্দা পালকো তদন্তকাৰী আৰক্ষীয়ে শীঘ্ৰে জেৰা কৰিব। তদন্ত প্রক্রিয়া একে গতিত আগবাঢ়িলে কিছুদিনৰ ভিতৰতে জালিয়াতিৰে চাকৰি লােৱা আৰু বহু ৰাজপত্ৰিত বিষয়াৰ লগতে এ পি এছ চিৰ পৰীক্ষাত দালালি কৰা কেইবাজনাে ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পূর্ণ সম্ভাৱনা আছে।
কেনেকৈ ডেৰ বছৰ পাছত আৰক্ষীৰ হাতলৈ আহিল উত্তৰৰহীৰ তথ্য?
২০১৬ চনত গােপন পৰীক্ষা কেন্দ্র স্থাপনৰ বাবে ৰাকেশ পালক ঘৰৰ দৰকাৰ হয়। তেওঁ এই বিষয়ে বৰপেটাৰ বিতর্কিত সাংবাদিকজনক অৱগত কৰাত সাংবাদিকজনে গােপাল চন্দ্র বৰাৰ ঘৰটোৰ কথা কয়। তেতিয়া ৰাকেশ পালে স্বপন সাহা নামৰ ব্যক্তিজনক ভঙাগড়ত থকা উক্ত ফ্লেটটো চাবলৈ কয়। সেইমর্মে ৰাকেশ পালে ফ্লেটটো ভাৰাত লয় পৰৱৰ্তী সময়ত ৰাকেশ পালকগ্রেপ্তাৰ কৰা হয়। যােৱা ২০ দিন পূর্বে পালৰ পত্নীয়ে ফ্লেটৰ চাবিপত গৰাকী গােপাল বৰাক ওভতাই দিয়ে। তাৰ পাছতে উক্ত ফ্লেটটো গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসকক ভাৰাত দিয়ে। চিকিৎসকজনে ঘৰটো চাফা কৰাৰ সময়ত এ পি এছ চিৰ উত্তৰবহীসমূহ দেখা পাই ততালিকে তেওঁ মহানগৰ আৰক্ষীক এই বিষয়ে অৱগত কৰায়। মহানগৰ আৰক্ষীয়ে এ পি এছ চি গােচৰৰ তদন্তকাৰী বিষয়াক এই তথ্য যােগান ধৰাত যােৱা বুধবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে উত্তৰবহীসমূহ জব্দ কৰে।
0 comments: