শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড, শিক্ষা অবিহনে জাতি আগবাঢ়িব নোৱাৰে¬¬-আবুল কালাম আজাদ

মাণিকপুৰঃ শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড, শিক্ষা অবিহনে জাতি এটা কেতিয়াওঁ আগবাঢ়ি যাব নোৱাৰে। এই মন্তব্য আমছু'ৰ বিজনী জিলা সমিতিৰ সভাপতি সভাপতি আবুল কালাম আজাদৰ। দেওবাৰে দুতুৰী হৰিজন হাইস্কুল প্ৰাঙ্গনত পশ্চিম বিজনী আঞ্চলিক সমিতিৰ সভাপতি জুল হকৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাত নেতা জনে বক্তব্য এইদৰে আগবঢ়ায়। কালামে লগতে উল্লেখ কৰি কয় যে আমি সংখ্যালঘু জনসাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰি আছোঁ গতিকে আমি সকলোৱে মিলি আমাৰ সমাজত শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম। 
সভাত বিজনী জিলা অামছুৰ সাধাৰণ সম্পাদক জাহেদ আলী উপস্থিত থাকি ভাষন প্ৰধান কৰি কয় যে আমাৰ সমাজত প্ৰচলিত কুসংস্কাৰ যেনে বাল্যবিবাহ, মদ, জুৱা আদিৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় লগতে বৰ্তমান আই পি এল খেলৰ নামত ঠায়ে ঠায়ে জুৱা খেলৰ কথা উনুকিয়াই সকলোকে তেনে খেলৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। সভাত পশ্চিম বিজনী অাঞ্চলিক সমিতিৰ পূৰণা সমিতিখন ভংগ কৰি ছাদেক অালীক সভাপতি অাৰু ৰিজুৱান হুছেইন অাৰু ছানিদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৪১ জনীয়া এখন নতুন অাঞ্চলিক সমিতি গঠন হয়। সভাত আমছু'ৰ বিজনী জিলা সমিতিৰ উপদেষ্ঠা দিনুল অালম অাহমেদ, ,সহকাৰী সম্পাদক ৰাজাবুল বানিয়া, শিক্ষা সম্পাদক অাকতাৰ হুছেইনৰ লগতে শ

তাধিক ৰাইজ উপস্থিত থাকে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: