ৱেব সংবাদঃ বিশ্বৰ পর্যটন মানচিত্রত অসমক অধিক বলিষ্ঠ ৰূপত প্রদর্শন কৰাৰ উদ্দেশ্যে অসম পর্যটন নিগমে ইতিমধ্যে বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজ্যৰ পর্যটন ক্ষেত্রখনত নতুন যাত্রা প্রদান কৰিছে৷ অসমত পর্যটন ক্ষেত্রখনক উদ্যোগলৈ ৰূপান্তৰ কৰি বিশ্বজনীনতা প্রদানৰ লক্ষ্যৰে দেওবাৰৰ পৰা যোৰহাটত এক বিজ্ঞাপনত অংশ লৈছে বলিউড তথা হলিউডৰ মোহময়ী অভিনেত্রী, অসম পর্যটনৰ ব্রেণ্ড এম্বেছেডৰ প্রিয়ংকা চোপ্রাই৷শনিবাৰে এক বিশেষ বিমানযোগে যোৰহাটলৈ আহি নিশাটো কটায় ইতিহাসপ্রসিদ্ধ জালুকনিবাৰীৰ ‘ঠেঙাল ভৱনত’৷
‘আখলৰ জুতি’ নামে অসমীয়া সুস্বাদু খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাত অভিভূত হৈ পৰে মোহময়ী অভিনেত্রীগৰাকী৷ গামোচাৰ আর্হিৰে বগা আৰু ৰঙা ৰং সুন্দৰকৈ খাদ্য সম্ভাৰ সজাই থোৱাত অভিভূত হৈ পৰা অভিনেত্রী প্রিয়ংকা চোপ্রাই ইয়াত পোৱা নয়নতৰা ফুল মূৰত গুজি লয়৷ অসম পর্যটন নিগমৰ এলানি বিজ্ঞাপনত অংশ লোৱাৰ উদ্দেশ্যে ঠেঙাল ভৱনৰ পৰা অভিনেত্রীগৰাকী গটঙা চাহ বাগিচাৰ বনিয়ন গ্লভলৈ আহে৷
বতৰে প্রথমতে কিছু বাধা দিয়ে যদিও অভিনেত্রীগৰাকীয়ে প্রথমেই হাতী ছাফাৰী শ্বুটিঙত অংশ লয়৷ ইয়াৰ পাছতে চাহ বাগিচাৰ মাজত চাইক্লিং কৰে৷ দিনটোৰ ভিতৰতে অভিনেত্রীগৰাকীয়ে অসমীয়া গহনা সম্পর্কীয় শ্বুটিঙত অংশ গ্রহণ কৰে৷ চাহ বাগিচাত ৪০ গৰাকী শ্রমিকৰ লগত চাহপাত তোলা অপূর্ব দৃশ্যৰ দৃশ্যগ্রহণ চাবলৈ অহা লোকসকলকো আল্পুত কৰি তোলে৷ আনহাতে, অভিনেত্রীগৰাকীয়ে নিশা আহোমসকলৰ বিবাহ প্রথা চকলঙৰ কন্যা সাজত অৱতীর্ণ হয়৷ নিশা বিহু নাচে অভিনেত্রী প্রিয়ংকা চোপ্রাই৷ উল্লেখযোগ্য যে জনপ্রিয় অভিনেত্রীগৰাকীৰ অভিনয় চাবলৈ আহি পুৱাৰে পৰা অগণন লোকে ভিৰ কৰেহি গটঙা চাহ বাগিচা৷
বাগিচাৰ ওখ ওখ গছৰ ওপৰত উঠি শ্বুটিং চাবলৈ চেষ্টা চলায় যদিও কেইবাগৰাকী অত্যুৎসাহী যুৱক গছৰ পৰা পৰি আঘাত পায় বুলিও জানিব পৰা গৈছে৷ ইফালে, জনতাৰ ভিৰৰ বাবে শ্বুটিঙতো ব্যাঘাত জন্মে৷ জানিব পৰা মতে, নিশা অভিনেত্রীগৰাকী পুনৰ ঠেঙাল ভৱনলৈ আহি তাতে নৈশ যাপন কৰিব৷ কাইলৈ পুনৰ কাজিৰঙা গল৲ফ ৰিজর্ট আৰু নিমাতীঘাটত অসম পর্যটন নিগমৰ বিজ্ঞাপনত অংশ লোৱাৰ কথা৷ বিজ্ঞাপনৰ শ্বুটিং সামৰণি পৰাৰ পাছত অভিনেত্রীগৰাকী কাইলৈ মুম্বাইলৈ উৰা মাৰিব৷ ইফালে, অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই জনোৱা মতে, বিজ্ঞাপনটোত অসমৰ কলা-সংস্কৃতিকে ধৰি সকলো দিশ প্রতিফলিত হ’ব৷ তিনি মিনিটৰ বিজ্ঞাপনটো বিদেশৰ বাবে ৪০ ছেকেণ্ডৰ হ’ব বুলি জনাইছে৷
Sangbad Prahari
No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).
0 comments: