ৱেব সংবাদঃ দেশত প্রদূষণৰ প্রভাৱ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ প্রভাৱ বিশুদ্ধ পানীতো পৰিবলৈ লৈছে৷ ইয়াৰ ফলত দেশৰ প্রায় ৪৭.৭১ কোটি জনসাধাৰণে ফ্লৰাইড, আর্ছেনিক আৰু আইৰনকে ধৰি আন বিষাক্ত ৰাসায়নিক পদার্থ মিহলি হৈ থকা পানী খাবলৈ বাধ্য হৈছে৷ বিশুদ্ধ পানী আৰু ইয়াৰ মান সম্পর্কে চৰকাৰে প্রকাশ কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷
চৰকাৰী তথ্য মতে, স্বাস্থ্যৰ বাবে হানিকাৰক ৰাসায়নিক পদার্থ মিহলি হৈ থকা দূষিত পানীৰ দ্বাৰা প্রভাৱিত হোৱা ৰাজ্যসমূহৰ ভিতৰত শীর্ষ স্থানত আছে ৰাজস্থান, পশ্চিম বংগ আৰু অসম৷ কেন্দ্রীয় পৰিৱেশ মন্ত্র্যালয়ে আই এম আই এছৰ সহযোগত দেশৰ বিশুদ্ধ পানীৰ মান সম্পর্কে প্রস্তুত কৰা তথ্যৰ পৰা জানিব পৰা মতে, ৰাজস্থানৰ সর্বাধিক ১৯,৬৫৭খন গাঁৱৰ ৭৭.৭০ লাখ লোকে দূষিত পানী সেৱন কৰিবলৈ বাধ্য হৈছে৷
সমগ্র দেশতে প্রায় ৭০,৭৩৬খন গাঁৱৰ লোকে এনে ধৰণৰ হানিকাৰক ৰাসায়নিক পদার্থ মিহলি হৈ থকা দূষিত পানী খাবলৈ বাধ্য হৈছে৷ দেশৰ মুঠ ৪৭.৭১ কোটি লোক ইয়াৰ দ্বাৰা প্রভাৱিত হোৱা বুলি কোৱা হৈছে৷ ৰাজস্থানৰ ৫৯৯৬খন গাঁৱৰ ৪০.৯৪ লাখ লোকে ফ্লৰাইডযুক্ত, ১২,৬০৬খন গাঁৱৰ ২৮.৫৩লাখ লোকে লৱণ মিহলি হৈ থকা পানী সেৱন কৰি আছে৷ ইয়াৰ উপৰি প্রায় সোঁতৰ লাখ লোকে আর্ছেনিক মিহলি হৈ থকা পানী সেৱন কৰে৷
পশ্চিম বংগত ১৭,৬৫০খন গাঁৱৰ প্রায় ১.৭০ কোটি লোকে এনে দূষিত পানী সেৱন কৰি আহিছে৷ আনহাতে, মণিপুৰ, মিজোৰাম, ছিকিম আৰু পুডুচেৰীত দূষিত পানী পোৱা এখনো গাঁও নাই৷ মন্ত্র্যালয়টোৰ এজন বিষয়াই প্রকাশ কৰা অনুসৰি দূষিত পানী সেৱন কৰিবলৈ বাধ্য হোৱা অঞ্চলবোৰৰ ভিতৰত গ্রামাঞ্চলৰ লোকৰ সংখ্যা নগৰাঞ্চলতকৈ অধিক৷
Sangbad Prahari
No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).
RELATED STORIES
বেড়েছে ডেঙ্গির প্রকোপ বর্ষার পরেও ডেঙ্গি–প্রকোপ! তার মধ্যে সোমবার
দ্রুত ওজন কমাতে বাড়িতেই বানিয়ে ফেলুন সব্জির জুস ওজন কমানোর কথা মাথা এলেই আমরা আমরা প্রথমে ড
অসমলৈ চালান মৃত কুকুৰ-মেকুৰীৰ মাংস #‘ফ্রজেন মীট’ৰ নামত কলকাতাৰ ধূৰন্ধৰ চক্রই খুৱ
0 comments: