গুৱাহাটীৰ একাংশ ডিপু’ত তেলৰ নাটনি

ৱেব সংবাদঃ আই অ’ চি কর্তৃপক্ষ আৰু আই অ’ চিৰ টেংকাৰ চালকৰ মাজত হোৱা সংঘাতৰ ফলত পেট্রল ডিপু’সমূহত পেট্রল-ডিজেলৰ যোগান স্থবিৰ হৈ পৰিছে৷ তেল পৰিবাহী টেংকাৰৰ চালক-হেণ্ডিমেনে তিনিদিনৰ বাবে তেল পৰিবহণ কৰাটো স্থগিত ৰখাত বহু পেট্রল ডিপ’ত তেলৰ নাটনিয়ে দেখা দিছে৷
তেল পৰিবাহী টেংকাৰ চলোৱাটো বন্ধ ৰখাত দেওবাৰে একাংশ ডিপু’ত তেলৰ নাটনি পৰিলক্ষিত হোৱাত ডিপু’ত তেল ভৰাবলৈ গৈ গ্রাহক বিমুখ হ’ব লগা হয়৷ উল্লেখযোগ্য যে টেংকাৰৰ চালক-হেণ্ডিমেনৰ অভিযোগ অনুসৰি আই অ’ চি কর্তৃপক্ষই বহু বছৰ ধৰি টেংকাৰৰ চালক-হেণ্ডিমেনক বঞ্চনা কৰি আহিছ়ে, যাৰ ফলত সংঘাত বৃদ্ধি হোৱাত অস্থায়ীভাৱে তিনিদিনলৈ তেল সৰবৰাহ কৰা স্থগিত ৰখাত একাংশ পেট্রল ডিপ’ত তেলৰ নাটনি পৰিলক্ষিত হয়৷
ইতিমধ্যে টেংকাৰৰ চালক-হেণ্ডিমেনে আই অ’ চি কর্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈছে যদিও সুফল নোপোৱাত প্রতিবাদ অব্যাহত আছে৷ আই অ’ চি কর্তৃপক্ষ আৰু টেংকাৰ চালক-হেণ্ডিমেনৰ মাজত হোৱা সংঘাতৰ কুফল ভুগিব লগা হৈছে সর্বসাধাৰণ গ্রাহকে৷ অৱশ্যে নিশাৰ ভাগত টেংকাৰৰ চালক-হেণ্ডিমেনে প্রতিবাদ উঠাই লোৱাৰ কথা সদৰী কৰিছে৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: