গুৱাহাটীঃ দক্ষিণ-পূর্ব এছিয়াৰ দুবাৰমুখ গুৱাহাটী মহানগৰীৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। চৰকাৰে লােৱা আঁচনি অনুযায়ী প্রয়ােজনীয় ধনৰ আবণ্টন দিছে। কিন্তু মহানগৰখনৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগম (জিএমচি)ৰ একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ বাবে উন্নয়নমূলক কাম-কাজত স্থবিৰতা আহি পৰাৰ গুৰুতৰ অভিযােগ উত্থাপন হৈছে। জিএমচিৰ একাংশ ঘােচখােৰ বিষয়া-কৰ্মচাৰীৰ বাবে মহানগৰীৰ ৰাস্তা- ঘাট নির্মাণৰ বাবে অহা ৪০ কোটি টকা অব্যবহৃত ; হৈ ৰােৱাৰ উপক্ৰম ঘটিছে। চলিত বিত্তীয় বৰ্ষত গুৱাহাটী মহানগৰীৰ ৰাস্তা-ঘাটৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে চৰকাৰে জিএমচিক ৪০ কোটি টকাৰ আবণ্টন দিছিল। উক্ত আবণ্টিত ধনৰাশিৰে মহানগৰীৰ বিভিন্ন স্থানৰ ২৩৯টা ৰাস্তা-ঘাট পুনৰ নির্মাণ আৰু উন্নয়ন কৰা হ'ল হয়। পুজি আবণ্টনৰ পাছতে জিএমচিএ ৰাস্তা-ঘাট উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে নিবিদা বিচাৰি বিজ্ঞাপন প্রকাশ কৰিছিল। কিন্তু জিএমচিৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কমিছনৰ অংকৰ বাবেই ঠিকাদাৰসকলে জিএমচিত নিবিদা দাখিল কৰাত আগ্রহ প্রকাশ নকৰিলে। ফলত ২৩৯টা পথৰ বিপৰীতে মাত্র ৬৪টা পথ নির্মাণৰ বাবেহে ঠিকাদাৰে নিবিদা দাখিল কৰিলে। ১৭৫টা পথ নির্মাণৰ বাবে ঠিকাদাৰে নিবিদা দাখিল নকৰাত জিএমচিএ পুনৰ নিবিদা বিচাৰিছে। গুৱাহাটী পৌৰ নিগমত ঠিকা আবণ্টনৰ নামত চলি থকা কমিছনৰ বাবেই ঠিকাদাৰসকলে বি জিএমচিত নিবিদা দাখিল কৰিবলৈ অনীহা প্রকাশ কৰিছে। ঠিকাদাৰে নিবিদা দাখিল নকৰাত মহানগৰীৰ ৰাস্তা-ঘাট পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে। দীর্ঘদিন ধৰি ঠিক আবণ্টনৰ নামত জিএমচিত চলি থকা কমিছনৰাজ বন্ধ কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰীৰ নৱনিযুক্ত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কি পদক্ষেপ গ্রহণ কৰে, সেয়া আগন্তক দিনত লক্ষণীয় হ'ব।
Sangbad Prahari
No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).
RELATED STORIES
বিজেপি জোট সরকার রাজ্যবাসীর স্বার্থ বিরােধী কোনও কাজ করবে না অমল গুপ্ত, গুয়াহাটি : “সর্বানন্দ সােনােয়াল
নাগরিকত্ব বিল ইস্যুতে বরাক-ব্রহ্মপুত্র দুই মেরুতে বিভক্ত কংগ্রেস # শােকজের জবাব দেওয়ার প্রয়ােজন বােধ করি নাঃ ড
সুপ্রিম কোর্টের নির্দেশ উপেক্ষা করে এন আর সি কৰ্তৃপক্ষের সংখ্যালঘু বিরােধী নির্দেশের প্রতিবাদ কংগ্রেসের
২০ জন সাংবাদিককের রাজস্থান সফর : ফেলােশিপ প্রদান রাজ্যের মানুষের স্বার্থ বিঘ্নিতকারি এমন কোনও
ঘোষণা হলো ফলাফল, হাইস্কুলের শীৰ্ষস্থানে রক্তিম, হাইমাদ্ৰাসার শীৰ্ষস্থানে মিজানুর গুৱাহাটী : অৱশেষে ঘোষণা করা হলো হাইস্কুল
ভিয়েতনামে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোয়ালের কমিউনিষ্ট পাৰ্টির নেতাদের সঙ্গে বৈঠক হ্যানয়-গুয়াহাটি বিমান সেবা, গুয়াহাটিতে বাণিজ্য
0 comments: