আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সাজু অসমৰ এজনী কন্যা শিশু

কোকৰাঝাৰ: ফেশ্বন জগতত পিতৃ-মাতৃৰ অহৰহ প্ৰচেষ্টাত উলিয়াই আহি আনন্দ আৰু গৌৰৱৰ বন্যাস, নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এটি শিশু কন্যা। বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰ সুভাষপল্লীৰ পিতৃ বিকাশ বট্ৰা আৰু মাতৃ নভনিতা বট্ৰাৰ একমাত্ৰ সন্তান, নাম জেচিকা বট্ৰা , বয়স মাত্ৰ ছয় বছৰ। এই মৰমৰ সন্তান তথা শিশু কন্যাক অহৰহকৈ উছাহ-উদ্দীপনা আৰু প্ৰেৰণা দি ফেশ্বন জগতত এৰিলে তাইৰ পিতৃ-মাতৃয়ে। মডেলিং জেচিকা বট্ৰাক প্ৰথমতে কোকৰাঝাৰৰ " গৌমৌটাও ডান্চ একাডেমি" ত ডি আই ডি ছিজন-৬ প্ৰতিযোগিত চঞ্জু বসুমতাৰীৰ প্ৰশিক্ষন পাই ইতিমধ্যে জেচিকাই আঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন ফেশ্বন প্ৰতিযোগিতাত বিজয়ী হৈ বি টি চিৰ লগতে অসমৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
 যেনে গুৱাহাটী মহানগৰীৰ হোটেল ছাউলিন গ্ৰ্যাণ্ডত " বিগ ড্ৰিমছ ক্ৰিয়েচনৰ উদ্যোগত অনুষ্ঠিত ফেশ্বন ডিভা-২০১৭ ছিজন-৩ গ্ৰ্যাণ্ড ফিনালি প্ৰতিযোগিতাত সৌন্দৰ্য্য পোছাক পৰিধানেৰে নিজৰ পাৰদৰ্শীতা প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল বি টি চিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰৰ কন্যা জেছিকা বট্ৰাই । ফেচন ডিভা ২০১৭ ছিজন-৩ গ্ৰ্যাণ্ড ফিনালেত " মিছেচ ডিভা" আৰু জুনীওৰ মিছ ডিভাৰ "বেষ্ট কেটেৱাক" বিজয়ী কিতাপ অৰ্জন কৰিছিল মাতৃ আৰু কন্যাই। এনেদৰে গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত আয়োজিত " পেৰাডাইচ লিটিল প্ৰিনছেচ ফেচন প্ৰতিযোগিতা ২০১৮" , গুৱাহাটীৰ আজাৰাস্থিত বিলাসী হোটেলত আয়োজিত " নৰ্থ ইষ্ট ইণ্ডিয়া ফেচন উইক ২০১৮" আদিকে ধৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰসৈতে "গামোচা" মেগাজিন কভাৰৰ কন্যা মডেল হিচাপে নিৰ্বাচিত হৈছে। এতিয়া অহা জুন মাহত দিল্লীত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে জেচিকা বট্ৰাই। তাইৰ সফল কামনা কৰিছে পিতৃ-মাতৃীয়ে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: