ৱেব সংৱাদঃ মন্ত্রীসভা সম্প্রসাৰণৰ সমান্তৰালভাৱে মুখ্যমন্ত্রীয়ে বিভাগৰ সালসলনি ঘটোৱাক লৈ সৃষ্টি হোৱা অসন্তুষ্টি অব্যাহত আছে৷ মন্ত্রিত্বৰ পৰা বঞ্চিত বিজেপি বিধায়কৰ ক্ষোভ আৰু গুৰুত্বপূর্ণ বিভাগ হেৰুওৱা মন্ত্রীৰ অসন্তুষ্টিয়ে আজিও ৰাজনৈতিক মহলত চর্ লাভ কৰিছে৷ বিশেষকৈ পূর্বৰ বিভাগ হেৰুৱাই ক্ষোভৰ উদ৲গিৰণ ঘটাইছে মন্ত্রী প্রমিলাৰাণী ব্রহ্মই৷ বন বিভাগ কর্তনৰ আঁৰত গভীৰ ষড়যন্ত্রৰ গোন্ধ পোৱা বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে প্রমিলাৰাণী ব্রহ্মই৷
‘কেইদিনমান ধৰি মোৰ বিৰুদ্ধে, বন বিভাগৰ বিৰুদ্ধে কাকতত বিভিন্ন বাতৰি প্রকাশ পাইছিল৷ মোক বনমন্ত্রী পদৰ পৰা আঁতৰাবলৈ ষড়যন্ত্র ৰচনা কৰি অপপ্রচাৰ চলোৱা হৈছিল৷ বন মাফিয়া, বালি ছিণ্ডিকেটৰ বিৰুদ্ধে মই ব্যৱস্থা গ্রহণৰ বাবেই এটা চক্রই মোৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছিল৷’– সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মন্ত্রী প্রমিলাৰাণী ব্রহ্মই৷
বন বিভাগৰ মোহ এৰিব নোৱৰা প্রমিলাৰাণী ব্রহ্মৰ এনে অভিযোগে ৰাজ্যৰ ৰাজনীতিত তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ, বি পি এফৰ মুৰববী হাগ্রামা মহিলাৰীয়ে মন্ত্রীসভাৰ সম্প্রসাৰণ আৰু দপ্তৰ বিতৰণক লৈ কোনো আপত্তি নাই বুলি কালি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্রী সোণোৱালে নিজৰ এক্তিয়াৰৰ ভিতৰত মন্ত্রীসভা সম্প্রসাৰণ তথা বিভাগসমূহৰ সালসলনি ঘটাইছে৷ তেনেস্থলত মন্ত্রী প্রমিলাৰাণী ব্রহ্মই কৰা মন্তব্যই মুখ্যমন্ত্রী সোণোৱালক অসন্তুষ্ট কৰি তোলা বুলি জানিব পৰা গৈছে৷ ইফালে মন্ত্রীসভাত স্থান নাপাই ৰোহঘৰত থকা দলীয় বিধায়কৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কোনো যোগাযোগ কৰা নাই৷ অসন্তুষ্ট দলীয় বিধায়কক ৰাজ্যিক নেতৃত্বই কোনো গুৰুত্ব প্রদান নকৰাত তেওঁলোকৰ ক্ষোভ দুগুণ হোৱা বুলি জানিব পৰা গৈছে৷ তামুলপুৰৰ বাতৰি দিওঁতা সদ্য সম্প্রসাৰিত অসম মন্ত্রীসভাত কলিতা জনগোষ্ঠীয় জনসংখ্যাৰ সমানুপাতিকভাৱে কলিতা জনগোষ্ঠীৰ বিধায়কক মন্ত্রীসভাত স্থান দিয়াৰ পৰিৱর্তে মাথোন ভৱেশ কলিতাক মন্ত্রীসভাত স্থান দিয়াত কলিতা জনগোষ্ঠী সন্মিলন অসমে খেদ প্রকাশ কৰিছে৷ কলিতা জনগোষ্ঠী সন্মিলন অসমৰ কেন্দ্রীয় সমিতিৰ সভাপতি ড০ ভবেন চন্দ্র কলিতা আৰু সাধাৰণ সম্পাদক ড০ ৰমেন কাকতীয়ে এটা প্রেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে যে অসম বিধানসভাত পর্যাপ্ত যোগ্য কলিতা জনগোষ্ঠীয় বিধায়ক থকা সত্ত্বেও মাথোন এগৰাকী কলিতা জনগোষ্ঠীয় বিধায়কক মন্ত্রিত্ব প্রদান কৰাটো দুর্ভাগ্যজনক৷
Sangbad Prahari
No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).
RELATED STORIES
বিধায়ক, সাংসদ পুঁজির আর্থিক সাহায্য মন্দির-মসজিদে নয়ঃ হিমন্ত বিশ্ব শর্মা গুয়াহাটি : নাগৰিকত্ব সংশােধনী বিলকে কেন্দ্র
এন আর সি : ‘ডি’ ভোটারদের সন্তান-সন্ততি, আত্মীয় স্বজনদেরও নাম বাদ দেওয়ার নােটিফিকেশ্যন # নােটিফিকেশ্যনের বিরুদ্ধে সুপ্ৰীম কোৰ্টে যাবে
শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড, শিক্ষা অবিহনে জাতি আগবাঢ়িব নোৱাৰে¬¬-আবুল কালাম আজাদ মাণিকপুৰঃ শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড, শিক্ষা
দ্বিবর্ষ পূর্তি উপলক্ষে মুখ্যমন্ত্রী সাংবাদিকদের মুখােমুখিঃ সংশােধনী বিল নিয়ে সরকার কিছুই লুকোচ্ছে না রাজ্যের মানুষের স্বাভিমান, আত্মমর্যাদা, সমব
লামডিংয়ে নন্দিনী’র বার্ষিক সম্মেলন : মুখপত্র ‘অস্মিতা' উদ্বোধন স্বপন দাস, লামডিং : লামডিঙের মহিলা প
বরাক-ব্ৰহ্মপুত্ৰ উপত্যাকর মধ্যে বিভাজন আনছে উগ্র জাতীয়বাদী শক্তি গুয়াহাটি : কেন্দ্রের যৌথ সংসদীয় কমিটির (জেপ
0 comments: