পলাতক বন বিষয়া, মাফিয়াৰ সন্ধানত যোৰহাটত বি আইৰ (ই অ’) অভিযান

ৱেব সংবাদঃ গোলাঘাট জিলাৰ বন বিষয়া আৰু ৰেঞ্জাৰকে ধৰি একাংশ বন বিষয়াই মাফিয়াৰে মিলি সংঘটিত কৰা বৃহৎ বালি কেলেংকাৰিৰ তদন্ত চলাই থকা অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ (বি আই (ই অ’)) এটা দলে কেইটামান পলাতক অভিযুক্তৰ সন্ধান্তত শুক্ৰবাৰৰ পৰা যোৰহাটত অভিযান চলাইছে৷ এজন বিষয়াৰ নেতৃত্বত যোৰহাটলৈ অহা চাৰিজনীয়া অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে জিলাখনৰ বিভিন্ন স্থানত বন বিভাগৰ পলাতক বিষয়া আৰু বালি মাফিয়াকেইটাৰ সন্ধানত অভিযান চলাইছে৷ জানিব পৰা মতে, মাফিয়াৰে মিলি অবৈধভাৱে বালি খননৰ নামত কোটি কোটি টকা লুট কৰা ডি এফ অ’ ৰাজীৱ দাস আৰু তেওঁৰ লুণ্ঠনৰ সহযোগী কেইজনে উচচতম ন্যায়ালয়ৰ জামিনৰ আৱেদনৰ বাবে চেষ্টা চলাই আছে কোনো অজ্ঞাত স্থানত লুকাই থাকি৷ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ হাতত থকা তথ্য মতে, ৰাজীৱ দাসৰ সহযোগী কেইবাটাও বালি মাফিয়াই যোৰহাটতে আশ্রয় লৈ আছে৷ যোৰহাটৰো দুজনমান ব্যৱসায়ীয়ে অবৈধভাৱে ব্রহ্মপুত্রৰ পলস খনন কৰাৰ লগতে যধে-মধে চৰকাৰী ভূমিৰ পৰা বালি খনন কৰি ৰমৰমীয়া চোৰাং ব্যৱসায় চলাই আছে৷ অপৰাধ অনুসন্ধান শাখাৰ তদন্তকাৰী দলৰ পৰা জানিব পৰা মতে, যোৰহাটৰো কেইবাটাও বালি মাফিয়া গোলাঘাটৰ পলাতক অভিযুক্তকেইটাৰ লগত জড়িত হৈ আছে৷ গতিকে অনাগত সময়ত অর্থনৈতিক অপৰাধ অনুসন্ধান বিভাগৰ তদন্তই যোৰহাটতো বহু কেলেংকাৰি উদঘাটন কৰাৰ সম্ভাৱনা আছে৷ যোৰহাটত এই তদন্তকাৰী দলটোৰ অভিযান সম্পর্কে জানিবলৈ যোগাযোগ কৰাত যোৰহাটৰ আৰক্ষী অধীক্ষকে এই তথ্যৰ সত্যতা স্বীকাৰ কৰে৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: