ৱেব সংবাদঃ আগন্তুক বাৰিষাত ৰাজ্যখনত সম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৩০ এপ্রিলৰ ভিতৰত সকলো মথাউৰিৰ ছিগা অংশ নির্মাণ কৰিবলৈ কঠোৰ নির্দেশ দিয়াৰ পাছতো জলসম্পদ বিভাগে নিমাতীঘাটত গৰাখহনীয়া প্রতিৰোধ আঁচনি সম্পূর্ণ কৰিব নোৱাৰাটোৱে বাৰিষাতে যোৰহাটৰ প্রতি ভাবুকি আহিব সেই কথা নিশ্চিত হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্রী আৰু জলসম্পদ মন্ত্রীয়ে যোৱা বর্ষত নিমাতীঘাটৰ ব্রহ্মপুত্রৰ ভয়াৱহ খহনীয়া পৰিদর্শন কৰি তৎকালীন আঁচনি গ্রহণ কৰিবলৈ জলসম্পদ বিভাগক নির্দেশ দিছিল যদিও খৰালি ধন অনুমোদন দিব নোৱাৰাৰ ফলতে যোৱা বর্ষতে নিমাতীঘাটৰ একমাত্র পকীপথটোকে খহাই নিয়া অংশৰ মুখ্যমন্ত্রীৰ ডে’ড লাইনৰ ভিতৰতে নির্মাণ সম্পূর্ণ কৰিব নোৱাৰিলে৷
আৰু দুদিনৰ পাছতে মুখ্যমন্ত্রীয়ে বান্ধি দিয়া সময় পাৰ হ’ব যদিও নিমাতীঘাটত অকল পকীপথৰ খহনীয়া অংশটোৱেই নির্মাণ সম্পূর্ণ নহ’ব৷ উল্লেখযোগ্য যে যোৱা কুৰি বছৰ ধৰি নিমাতীঘাটৰ ভয়াৱহভাৱে খহনীয়া বৃদ্ধি হোৱাৰ ফলত ক্রমাৎ নদীৰ সোঁত দক্ষিণমুৱা হৈ যোৰহাট নগৰৰ দিশে ধাৱমান হৈছে৷ ইয়াৰ ফলতে যোৱা বাৰিষাতে নিমাতীৰ ডাইনীগাঁৱৰ দুই নং বুলহে’ডৰ ওপৰ অংশত খহনীয়াই মথাউৰিটোকে ছিঙি পেলাইছিল যদিও জলসম্পদ বিভাগৰ ঠিকাদাৰে আঁচনি অনুমোদন নোহোৱাকৈয়ে কাম কৰি যোৰহাট নগৰক নিশ্চিত বিপদৰ পৰা বচায়৷
কিয়নো ডাইনীগাঁৱৰ মথাউৰিৰ যি অংশত ছিঙিছিল সেই অংশত তৎকালীনভাৱে মেৰামতি নকৰা হ’লে ব্রহ্মপুত্রৰ বিশাল জলৰাশিয়ে ঐতিহাসিক বৰআলিত খুন্দা মাৰিলেহেঁতেন৷ নিশকতীয়া বৰআলি ছিঙিলেই যোৰহাট নগৰৰ প্রতিও বিপদৰ ঘণ্টা বাজিব৷ অতি পৰিতাপৰ কথা যে নিমাতী হাতীশাল শৈল বান্ধ আঁচনিৰ ডাইনীগাঁও মথাউৰিৰ মূৰত থকা দুই নং বুলহে’ডটোৱে ব্রহ্মপুত্রৰ দক্ষিণমুৱা সোঁতটো ডাইভার্ছন কৰিছিল৷ এই দুই নং বুলহে’ডটো নথকাহ’লে নিমাতীঘাটটো কেতিয়াবাই বৰআলিত চামিল হ’লহেঁতেন৷
কিন্তু যোৱা বাৰিষা ব্রহ্মপুত্রৰ তীব্র সোঁতে খহাই পেলোৱা দুই নং বুলহে’ডটোৰ বর্তমান একে অৱস্থাত থকাটোৱে আগন্তুক বাৰিষাতে নিমাতীঘাটলৈ অশনি সংকেত কঢ়িয়াই আনিব সেয়া প্রতীয়মান হৈছে৷ উল্লেখযোগ্য যে নিমাতীঘাটৰ পকীপথৰ খহনীয়া প্রতিৰোধৰ বাবে জলসম্পদ বিভাগে ১২ কোটি টকাৰ অনুমোদন জনাইছিল যদিও ইয়াৰে ১০.৩০ কোটি টকা পূর্বৰ ঠিকাদাৰক দিবলৈ থকা৷ বর্তমান বাকী থকা ১.৭০ কোটি টকাৰে নিমাতীঘাটৰ পকীপথটোৰ অৱশিষ্ট কাম কৰি আছে৷
যিটো কাম কোনো প্রকাৰে ৩০ এপ্রিলৰ পূর্বে সম্পূর্ণ নহয়৷ ইফালে, শেহতীয়াকৈ জাঁজীমুখৰ পৰা নিমাতীঘাটলৈকে খহনীয়া অংশ প্রতিৰোধৰ বাবে কেন্দ্রীয় আঁচনিৰ ১৪ কোটি টকা অনুমোদন হৈছে যদিও বর্তমানলৈকে কোনো কাম আৰম্ভ কৰা নাই৷ এই ধনৰাশিয়ে ব্রহ্মপুত্রৰ দক্ষিণমুৱা সোঁতটো ভেটা দিবলৈ পার্ুপাইনৰ স্ত্রুীন দিয়াৰ উপৰি খহনীয়া প্রতিৰোধী কাম কৰিব৷ প্রকৃত কথাটো হ’ল যে খৰালি সময়ত শুই থকা জলসম্পদ বিভাগটোৱে বাৰিষা হ’লে সাৰ পাই খহনীয়া প্রতিৰোধ কৰিবলৈ বিচৰাৰ ফলতে কোটি কোটি টকা ব্রহ্মপুত্র পানীৰ তলত সোমায় যদিও খহনীয়াৰ কাম সম্পূর্ণ নহয়৷ ৰাজ্য চৰকাৰে সঠিক সময়ত আঁচনিৰ ধন অনুমোদন দিব নোৱাৰাৰ ফলতে জলসম্পদ বিভাগে খৰালি হ’লে কাম নকৰি শুই থাকে৷ যাৰ ফলত বাৰিষা হ’লে ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে সংহাৰী ৰূপ ধৰে৷
লক্ষণীয় যে যোৰহাটৰ নিমাতীঘাটত কোটি কোটি বিভাগীয়ভাৱে শৰাধ কৰাৰ পাছতো যোৱা ১০ বছৰতো খহনীয়া প্রতিৰোধ হোৱা নাই৷ কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি গ্রহণ নকৰি মাথোঁ ব্রহ্মপুত্রই ছিঙা অংশ মেৰামতি কৰিয়েই দায় সাৰি আছে যদিও প্রতি বছৰে অহা প্রলয়ংকৰী বানপানীৰ ফল ভুগিছে স্থানীয় লোকে৷ সেয়েহে জলসম্পদ বিভাগে বিজ্ঞানসন্মত আঁচনিয়ে ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধৰ ব্যৱস্থা গ্রহণ নকৰিলে বাৰিষা যোৰহাট নগৰৰ প্রতি ভাবুকি আহিব৷ যোৰহাট নগৰৰ ৰক্ষাৰ একমাত্র কৱচ ঐতিহাসিক বৰআলিটো বহু বছৰ ধৰি সবলীকৰণ হোৱা নাই৷ সেয়েহে নিশকতীয়া বৰআলিটোৱে কিমান ভৰ বহন কৰিব সেয়া সময়েহে ক’ব৷ উল্লেখযোগ্য যে বর্তমানেও চলি থকা নিমাতীঘাটৰ খহনীয়া প্রতিৰোধী কাম যোৰহাটৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰে প্রতিনিয়ত পর্যবেক্ষণ কৰি আহিছে৷
Sangbad Prahari
No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).
0 comments: