ককাল ভাঙি বিহু নাচিলে প্রিয়ংকা চোপ্রাই

চকলং-হাতীত উঠা-চাহপাত তােলাৰ শুটিং চলিব ৩ দিন
 মােহময়ী অভিনেত্রীক লৈ উথপথপ যােৰহাট চহৰ
 তিতাবৰঃ অসমৰ পৰ্যটনক দেশ আৰু বিশ্ববাসীৰ আগত তুলি ধৰাৰ লক্ষ্যৰে শুটিঙৰ বাবে শুটিংৰ বাবে যােৰহাটত উপস্থিত হল বলীউডৰ মােহময়ী অভিনেত্রী তথা অসম পর্যটনৰব্ৰেণ্ড এম্বেছাড়ৰ প্ৰিয়ংকা চোপ্ৰা শনিবাৰে বিয়লি ৩.৩০ বজাত বিশেষ বিমানেৰে যােৰহাটতউপস্থিত হােৱা প্রিয়ংকা চোপ্ৰৰ আগমনক কেন্দ্ৰ কৰি যােৰহাটত জিলা প্রশাসন তথা গুণমুগ্ধৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। সন্ধিয়া ৭ বজাত আহি পাবলগা অভিনেত্রীগৰাকীয়ে যথেষ্ট আগতীয়াকৈ যােৰহাটত উপস্থিত হােৱা ঘটনাই স্বাভাৱিকতে প্রশাসনৰ মাজতাে কিছু তৎপৰতা বৃদ্ধি কৰে। বিমানবন্দৰৰ পৰা পােনে পােনে নআলি ঢেকীয়াজুলিত স্বর্ণপ্রভা বৰদলৈ মাধ্যমিক বিদ্যালয়ত উপস্থিত হােৱা অভিনেত্ৰীগৰাকীৰ আগমনত উচ্ছাহত ফাটি পৰে ছাত্ৰীসকলৰ লগতে অভিভাৱক তথা শিক্ষকসকলাে। জীনছু পেন্ট, টপ আৰু ছানগ্লাছ পৰিহিতঅভিনেত্রীগৰাকীক ওচৰৰ পৰা চাবলৈ বিদ্যালয়খনত বহু লােকে ভিৰ কৰাও পৰিলক্ষিত হয়। বিদ্যালয়খনত উপস্থিত হােৱাৰ লগে লগে অধ্যক্ষগৰাকীয়ে গেটৰ সন্মুখৰ পৰাই প্রিয়ংকা চোপ্রাক এখন ফুলাম গামােচাৰে আদৰি আনে। আনহাতে, এই বিদ্যালয়তে প্রিয়ংকা চোপ্রাক এটি বিহুৱা দলে আৰণি জনায়। বিহুগীতৰ তালে তালে প্রিয়ংকা চোপ্রায়াে এপাক বিহু নাচি সকলােকে আকর্ষিত কৰাৰ লগতে ছাত্র-ছাত্রীসকলক উৎসাহিত কৰে। ইয়াৰ পাছতে হাতত মাইক্রফোন লৈ বিদ্যালয়খনৰ ছাত্ৰীসকলৰ সৈতে কিছুসময় মত বিনিময় কৰে।ছাত্ৰীসকলক অভিনেত্রী গৰাকীয়ে এই বুলিও প্রশ্ন কৰে মই অসমলৈ আহিছোঁ, মেখেলা-চাদৰ পিন্ধিম। কি ৰঙৰ মেখেলা চাদৰ পিন্ধিম? লগে লগে ছাত্ৰীসকলে বিভিন্ন ৰঙৰ কথা চিঞৰি চিঞৰি কোৱাত অভিনেত্রীগৰাকীয়ে কয় মই কনফিউজ হৈছে। এইবাৰ মই মুগাৰ মেখেলা-চাদৰ পিন্ধিম। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে যােৰহাটত উপস্থিত হােৱা প্রিয়ংকা চোপ্ৰাই যােৰহাটৰ ঠেঙাল মেনৰ, বনিয়ান গ্রুভ, কাজিৰঙাগ’ কৰ্ছৰ উপৰি তেজপুৰ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বৰপেটা সত্ৰ, বটদ্ৰৱা আদি ঠাইত পর্যটনৰ বিজ্ঞাপনৰ শুটিং কৰিব সােমবাৰলৈ ঠেঙাল মেনৰত থাকিবলগা অভিনেত্রীগৰাকীৰ বাবে যােৰহাটত নিৰাপত্তাৰ বিশেষ ব্যৱস্থাকৰা হৈছে। এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সকলাে সময়তে অভিনেত্রীগৰাকীক নিৰাপত্তা প্রদান কৰিব। যােৰহাটত অভিনেত্ৰীগৰাকীয়ে সেউজীয়া চাহ বাগিচাৰ মাজত চাহপাত তােলা, হাতীত উঠা, বিহু নচা আদিকে ধৰি কেইবাটাও শুটিঙৰ লগতে আহােমসকলৰ চকলং প্ৰথাৰ বিবাহ অনুষ্ঠানৰ এক শূটিংতাে ব্যস্ত হ'ব। ইফালে, অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাড়ৰগৰাকীৰ সৈতে যােৰহাটত উপস্থিত হয় অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অধ্যক্ষ বৰুৱাই বলীউডৰ জনপ্রিয় অভিনেত্রীগৰাকীৰ উপস্থিতিয়ে অসমৰ পর্যটন খণ্ডলৈ বিশেষ আশা কঢ়িয়াব বুলি মন্তব্য কৰি প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছাডৰ নিযুক্তি দিয়াৰ পাছৰে পৰাই পর্যটনৰ ৰাজহ দুগুণ বৃদ্ধি হােৱা বুলিও মন্তব্য কৰে। উল্লেখ্য যে বলীউডৰ মােহময়ী অভিনেত্রীগৰাকীয়ে অহা সােমবাৰলৈ থাকিব যােৰহাটৰ তিতাবৰৰ জালুকনিস্থিত ঠেঙাল ভৱনত। ব্রিটিছ চৰকাৰৰ দিনতে নির্মাণ হােৱা এই ভৱনটো ইণ্ডিয়ান ট্যুৰিজম কো-অপাৰেচন ৱেলকাম হেৰিটেজত অন্তর্ভুক্ত কৰা হৈছে। ২০০০ চনৰপৰাই পর্যটন ভৱন হিচাপে মুকলি কৰা ঠেঙাল ভৱনটো ইতিমধ্যে দেশ-বিদেশৰ পর্যটকে সকলাে সময়তে ভৰি থাকে। প্রায় ৩৮ বিঘা ভূমিত নির্মিত এই ভৱনটোৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দর্য অতুলনীয়। ১৯২৯ চনত নির্মাণ কৰা এই ভৱনটো ঠেঙাল গাঁৱত অৱস্থিত হােৱা বাবে আজিও ঠেঙাল ভৱন বুলিয়ে নামকৰণ কৰা হয়। অহা তিনিটা দিন শুটিঙত ব্যস্ত থাকিবলগা প্রিয়ংকা চোপ্রাই মঙলবাৰে বিয়লি বিশেষ বিমানেৰে দিল্লীলৈ উভতিব।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: