তামুলপুৰৰ বিধান সভা সমষ্টিৰ সদ্য প্ৰকাশিত ২০১৮ বৰ্ষৰ সংক্ষিপ্ত ভোটাৰ তালিকাখন বিসংগতি পূৰ্ণ




তামুলপুৰঃ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ সদ্য প্ৰকাশিত ভোটাৰ তালিকা খন বিসংগতিৰে পৰিপূৰ্ণ। উল্লেখ্য যে খণ্ড ৫৯ নং গাঁৱৰ এন,কে আঙাৰকাটাৰ অঞ্চলৰ ভোটাদান কেন্দ্ৰটোৰ বেলখুটিত এজনো বড়ো সম্প্ৰদায়ৰ লোক নাই তথাপিও বড়ো মানুহৰ নাম সন্নিবিষ্ট হৈ আহিছে। লগতে কিছু সংখ্যক বাঙালী সম্প্ৰদায়ৰ লোকৰ ভোটাৰৰ ক্ৰমিক সংখ্যাৰ ঘৰ নম্বৰত চাৰি কণীয়া ঘৰ ঘৰ চিহ্নৰে সন্নিবিষ্ট হৈ তালিকাত খন প্ৰকাশ পাইছে। আনহাতে তামুলপুৰ বিধান সমষ্টিৰ ভোটাৰ তালিকা খন বিসংগতি পূৰ্ণ হোৱাৰ বাবেই সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্বনৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি মহেন্দ্ৰ ৰয়ে এক প্ৰেছ বিজ্ঞপ্তী যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইন্দিয়াৰ এনে ধৰণৰ বিসংগতি পূৰ্ণ ভোটাৰ তালিকা প্ৰকাশিত হোৱাটো দূৰভাগ্যজনক। সংগঠনটোৰ নেতা গৰাকীয়ে অতিশিঘ্ৰেই শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ বাবে সংশ্লিষ্ট নিৰ্বাচনী শাখাৰ বিষয়ববীয়াক আহ্বান জনায়।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: