
কোকৰাঝাৰ: সমন্বয় আৰু ভাতৃতৃববোধ গঢ়াৰ উদ্দেশ্যে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা চুভাশপল্লী ডি. এন. এইচ পথাৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে স্বৰ্গীয় প্ৰদীপ সাহা আৰু ৰাজু সাহা স্মৰণীয় টি-২০ ক্ৰিকেট টুৰ্নামেন্ত প্ৰতিযোগিতা। কোকৰাঝাৰ জিলা সদৌ বি টি চি বাঙালী যুৱক ছাত্র সন্থা ( এ বি বি ৱাই এছ এফ)ৰ উদ্যোগত অনুষ্ঠিত ছয় দিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত বি টি এ ডি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৪ টা ক্ৰিকেট খেলুৱৈৰ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ আৰম্ভণিত কোকৰাঝাৰ চহৰৰে অফেন আৰু জানাভি ক্লাৱৰ মাজত মুখামুখি হয়। আয়োজক তথা কোকৰাঝাৰ জিলা এ বি বি ৱাই এছ এফৰ সাধাৰণ সম্পাদক বিজু সাহাই সংবাদ মাধ্যমক সদৰী কৰা মতে বি টি এ ডি অঞ্চলৰ যুৱক সকলৰ মাজত লুকাই থকা প্ৰতিভা উলিওৱা আৰু বিভিন্ন জাতি জনজাতিৰ মাজত সমন্বয় ,ভাতৃতৃববোধ লগতে মনোৰঞ্জনৰ বাবে স্বৰ্গীয় প্ৰদীপ সাহা আৰু ৰাজু সাহা স্মৰণীয় টি-২০ ক্ৰিকেট টুৰ্নামেন্ট আয়োজন কৰা হৈছে। স্বৰ্গীয় প্ৰদীপ সাহা আৰু ৰাজু সাহা দুয়ো এ বি বি ৱাই এছ এফৰ দৰে ছাত্ৰ সংগঠনত থাকি জাতি ,সমাজত অহৰহ অৰিহণা যোগাই অকাল মৃত্যুক সাবটি লয়৷ সেই দুয়ো স্বৰ্গীয় ব্যক্তিৰ স্মৰণীয় হিচাপে ছয় দিনীয়া ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰতিযোগিতাত বিজয়ী (চেম্পিয়ন) দল আৰু বিজিত (ৰানাৰ্ছ আপ)দলে ট্ৰপি সহ আৰ্থিক বঁটা লাভ কৰিব বুলি জানিব দিয়ে আয়োজক তথা জিলা এ বি বি ৱাই এছ এফৰ সাধাৰণ সম্পাদক বিজু সাহাই। আৰম্ভণিতে কেন্দ্ৰীয় এ বি বি ৱাই এছ এফৰ নেতা মন্টু ডে, ১২ শিখলাই সেনা বাহিনীৰ কেপ্তেইন যাদৱ, আৰু উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগতে এ বি বি ৱাই এছ এফৰ বহু কৰ্ম কৰ্তা সকলে উপস্থিত থাকে৷
0 comments: