দিল্লীত ডেয়াৰডেভিলছৰ চমকপ্রদ জয়

নতুন দিল্লীঃ নেতৃত্বত চমকপ্রদ বিজয় সাব্যস্ত কৰিছে দিল্লী ডেয়াৰডেভিলছে। দিল্লীৰ ফিৰােজ শ্বাহ কোটলা ষ্টেডিয়ামত শুক্ৰবাৰে অনুষ্ঠিত হাই স্কৰিং মেচখনত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন ঘৰুৱা দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছক ৫৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। ২২০ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলা কলকাতাই নির্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত মাত্র ১৬৪ নহে সংগ্রহ কৰে। আলহী দলটোৰ হৈ আন্দ্রে ছেলে ৪৪, শুভমন গীলে ৩৭, সুনীল নাৰিনে ২৬ আৰু অধিনায়ক দীনেশ কার্তিকে ১৮ ৰান কৰাৰ বাহিৰে আন বেটমেনসকল সম্পূৰ্ণৰূপে ব্যর্থ হয়৷ বিজয়ী দলটোৰ বেগী বলাৰ ট্রেন্ট ব’ল্ট আৰু অভেশ। খানৰ লগতে স্পীনাৰদ্বয় অমিত মিশ্ৰ আৰু গ্লেন মেক্সৱেলে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চলিত আই পি এলত দিল্লীৰ এয়া দ্বিতীয়টো বিজয়। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি দিল্লীয়ে মেচখনত নির্ধাৰিত ২০ অভাৰত মাত্র চাৰিটা উইকেট হেৰুৱাই ২১৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়। দলটোৰ এই বৃহৎ স্ক’ৰৰ মূলতেই আছিল অধিনায়ক শ্রেয়াছ আয়াৰ। তেওঁ আৰম্ভণিৰ পৰাই মাৰমুখী বেটিঙেৰে মাত্র ৪০টা বলতে ৯৩ ৰানৰ অপৰাজিত ইনিংছ খেলে। তিনিটা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰেৰে আয়াৰে ইনিংছটো সজায়। ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক পৃথ্বি শ্ব’ আৰু নিউজিলেণ্ডৰ তাৰকা কলিন মুনৰাে মেচখনত বিস্ফোৰক বেটিঙেৰে উজলি উঠে। শ্ব’ৱে ৪৪ বলৰ সন্মুখীন হৈ সাতটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৬২ আৰু মুনৰােৱে ১৮টা বলত চাৰিটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়। প্রথম উইকেটত শ্ব’ আৰু মুনৰাে যুটিয়ে ৫৯ ৰান যােগ দি দিল্লী ডেয়াৰডেভিলছক সুন্দৰ আৰম্ভণি প্রদান কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বিগত মেচসমূহত দিল্লী ডেয়াৰডেভিলছে দাঙি ধৰা শােচনীয় প্রদর্শনৰ দায়িত্ব স্বীকাৰ কৰি অধিনায়ক গৌতম গম্ভীৰে নেতৃত্ব ত্যাগ কৰাৰ পাছত দলটোৱে নতুন অধিনায়ক আয়াৰৰ নেতৃত্বত প্ৰথমখন মেচ খেলে। মেচখনত গম্ভীৰৰ স্থানত কলিন মুনৰােৱে দিল্লী দলটোৰ ইনিংছ মুকলি কৰে।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: