ডিফু জেলত অ-সুৰক্ষিত সুৰক্ষা কৰ্মীৰ পত্নী


মোজাম্মেল হকৰ প্ৰতিবেদন
ডিফুঃ শাসনৰ গাদীত বহা চৰকাৰখনে ৰোধ কৰিব পৰা নাই ধৰ্ষণৰ দৰে জঘন্য অপৰাধ৷৭ বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ মহিলালৈকে অসুৰক্ষিত, কেৱল এইখন অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষখনতে৷এইবাৰ অসম চৰকাৰৰ চৰকাৰী আৱাসতেই, খোদ চৰকাৰৰ প্ৰত্যক্ষ্ হেফাজতত থকা ব্যক্তিয়ে চৰকাৰৰ নিচ্ছিদ্ৰ তীক্ষ্ণ দৃষ্টিৰ আবৰ্ততে ডিফুৰ চৰকাৰী কাৰাগাৰতে ঘটালে আন এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড৷ঘটনাৰ বিবৰনীমতে, ডিফু জেলৰ চৰকাৰী আবাসত ৱাডাৰ নাৰায়ন কলিতাৰ পত্নীক ধৰ্ষণ কৰিলে জেলৰ যাৱজ্জীৱন কয়দীয়ে৷ যাৱজ্জীৱন কয়দী গৰাকীয়ে ঘৰত কাম কৰিবলৈ আহি ভয় - ভাবুকি দি ধৰ্ষণ কৰে৷ এই বিষয়ে জেল কতৃপক্ষক অবগত কৰাৰ পিছতো কোনো ব্যৱস্হা নোলোৱাত শুক্ৰবাৰে আৰক্ষীৰ কাষ চাপে পৰিয়ালটো৷ কিন্তু জেল কৰ্তৃপক্ষই এই বিষয়ে মুখ খুলিব বিছৰা নাই৷ মহিলা গৰাকীৰ ডিঙিত কয়দী গৰাকীয়ে কৰা আঘাত বৰ্তমানো স্পষ্ট হৈ আছে৷ ২৪ তাৰিখৰ ঘটনাটো জেল কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত  পৰিয়ালটোৱে, ডিফু সদৰ থানাত এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ জেলৰ বাহিৰত কামত লগোৱা যাৱজ্জীৱন কয়দী গৰাকী চিনাক্ত কৰিব পাৰিব বুলি মহিলা গৰাকীয়ে কোৱাৰ লগতে দোষী কয়দী গৰাকীয়ে ভাবুকি দি ধৰ্ষন কৰা বুলি স্পষ্ট কৰে৷


SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: