বি পি এফৰ মন্ত্রীক কম গুৰুত্বপূর্ণ বিভাগ, সকলো বিধায়ক-মন্ত্রীক কোকৰাঝাৰলৈ তলব হাগ্রামাৰ

গুৱাহাটীঃ সম্প্রসাৰিত মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ আশাত চেঁচাপানী পৰাসকলৰ মনত ক্ষোভ সৃষ্টি হোৱাত বিজেপিৰ অভ্যন্তৰত বিদ্রোহৰ জুই জ্বলি থকাৰ সময়তে গুৰুত্বপূর্ণ পদ হেৰুওৱাসকলে মন্ত্রীসভাত থাকিও অসন্তুষ্ট হৈছে৷ নতুন মন্ত্রীসকলৰ মাজত বিভাগ বিতৰণৰ ফলত পূর্বতে লাভ কৰি থকা গুৰুত্বপূর্ণ বিভাগ হেৰুওৱাসকলৰ অধিকাংশই নিজৰ অসন্তুষ্টি ৰাজহুৱাকৈ প্রকাশ কৰা নাই যদিও মন্ত্রী প্রমিলাৰাণী ব্রহ্মই মুকলিকৈ মুখ্যমন্ত্রীৰ পদক্ষেপত দুখ প্রকাশ কৰিছে৷ শুক্ৰবাৰে ৭জন মন্ত্রীয়ে শপত লোৱাৰ পাছত মিত্র দল অসম গণ পৰিষদৰ মন্ত্রীসকলে লাভ কৰা বিভাগক লৈ দলটো সন্তুষ্ট যদিও আনটো মিত্র দল বি পি এফ অসন্তুষ্ট হৈছে৷ পূর্বৰ তুলনাত কম গুৰুত্বপূর্ণ বিভাগহে পোৱাত ক্ষুব্ধ বি পি এফৰ মুৰববী হাগ্রামা মহিলাৰীয়ে বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে মন্ত্রী, বিধায়কসকলক কোকৰাঝাৰলৈ জৰুৰীভাৱে মাতি পঠিয়াইছে৷ উল্লেখযোগ্য যে সম্প্রসাৰিত মন্ত্রীসভাৰ কেইবাজনো সদস্যৰ হাতত থকা গুৰুত্বপূর্ণ বিভাগ কর্তন কৰি সেই বিভাগৰ দায়িত্ব আন মন্ত্রীৰ ওপৰত ন্যস্ত কৰা হৈছে৷ বি পি এফৰ পূর্বৰ মন্ত্রী ৰিহন দৈমাৰীৰ হাতত থকা জনস্বাস্থ্য কাৰিকৰী বাহাল ৰাখি খাদ্য আৰু অসামৰিক যোগান বিভাগ কর্তন কৰি কম গুৰুত্বপূর্ণ বিভাগ সমবায় নতুনকৈ দিয়া হৈছে৷ তেনেদৰে বন মন্ত্রী প্রমিলাৰাণী ব্রহ্মৰ বন-ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগ কর্তন কৰি সমাজ কল্যাণৰ দায়িত্ব দিয়া হৈছে৷ বি পি এফৰ মন্ত্রীসকলৰ হাতত থকা গুৰুত্বপূর্ণ বিভাগ কর্তন কৰাত মন্ত্রী প্রমিলাৰাণী ব্রহ্মই মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাই নহয়, দলটো অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ বন বিভাগ হেৰুৱাই অসন্তুষ্ট মন্ত্রী ব্রহ্মই কয়– ‘বন বিভাগ ভাল কৰিবলৈ মই বহু কষ্ট কৰিছিলোঁ, বিভাগটোৰ বিষয়াসকলেও মোক সহযোগ কৰিছিল৷ বন বিভাগটো তেওঁৰ দায়িত্বলৈ অহাৰ পাছৰ পৰাই ঠন ধৰি উঠিছিল বুলি মন্ত্রী ব্রহ্মই মন্তব্য কৰি কয়– বিভাগটো মোৰ পৰা কর্তন কৰাত দুঃখিত৷ ইফালে গড়কাপ্টানী বিভাগ হেৰুৱাই আন এটা গুৰুত্বপূর্ণ বিভাগ বন আৰু পৰিৱেশ পৰিমল শুক্লবৈদ্যই লাভ কৰিছে যদিও তেওঁৰ বাবে বন বিভাগটো প্রত্যাহবান হ’ব বুলি মন্তব্য কৰিছে৷ বৰাক উপত্যকাক প্রতিনিধিত্ব কৰা মন্ত্রী শুক্লবৈদ্য গড়কাপ্টানী মন্ত্রী হিচাপে বৰাক উপত্যকাত কাম কৰাৰ যিমান সুবিধা লাভ কৰিছিল তাৰ তুলনাত বন বিভাগৰ দ্বাৰা বহু সুযোগ কম পাব৷ কাৰণ ব্রহ্মপুত্র উপত্যকাৰ দৰে বৰাক উপত্যকাত ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য বা সংৰক্ষিত বনাঞ্চল নাই৷ অর্থাৎ গুৰুত্বপূর্ণ বন বিভাগ লাভ কৰিও মন্ত্রী শুক্লবৈদ্যই নিজে প্রতিনিধিত্ব কৰা এলেকাটোৰ বাবে কাম কৰাৰ সুযোগ নাপাব৷ অৱশ্যে মন্ত্রী শুক্লবৈদ্যই  সংবাদ মাধ্যমৰ আগত কয় যে সকলো বিভাগৰে গুৰুত্ব আছে৷ ইফালে পূর্বতে জলসিঞ্চন বিভাগ হাতত থকা ৰঞ্জিত দত্তৰ পৰা অন্যতম গুৰুত্বপূর্ণ বিভাগটো কর্তন কৰা হ’ল৷ দত্তৰ হাতত পূর্বতে থকা হস্ততাঁত বস্ত্র, ৰেছমৰ লগত নতুনকৈ সংখ্যালঘু উন্নয়ন বিভাগহে সংযোজন কৰা হ’ল৷ এফালে মন্ত্রীসভাত অন্তর্ভুক্তিৰ আশাত বন্দীসকলৰ মনত চেঁচাপানী পৰাত তেওলোকে অসন্তুষ্ট হৈ বিদ্রোহ ঘোষণা কৰিছে৷ আনফালে মন্ত্রীসভাত বাহাল থকাসকলেও নিজৰ পচন্দৰ বিভাগ হেৰুৱাই দুখ প্রকাশ কৰিছে৷ ইয়াৰ মাজতে নতুনকৈ অন্তর্ভুক্তসকলৰ মনত বিভাগক লৈ নাই কোনো অসন্তুষ্টি৷ শপত লৈয়ে  জনতা ভৱনত পূজা-পাতলেৰে কার্যালয়ত প্রৱেশ কৰিলে শক্তি বিভাগৰ স্বতন্ত্র মন্ত্রী তপন কুমাৰ গগৈয়ে৷ গগৈয়ে কয় যে মুখ্যমন্ত্রীয়ে বিশ্বাসত তেওঁক শক্তি বিভাগ অর্পণ কৰিছে৷ সেয়েহে বিভাগটোক সুন্দৰভাৱে আগবঢ়াই নিবলৈ যত্ন কৰিব বুলি কয় গগৈয়ে৷ দলীয় পর্যায়ত বি পি এফ অসন্তুষ্ট হৈছে যদিও দলটোৰ পৰা নতুনকৈ মন্ত্রীসভাত অন্তর্ভুক্ত হোৱা চন্দন ব্রহ্মই লাভ কৰিছে পর্যটন আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগ৷ দিছপুৰ কার্যালয়ত বহিয়েই বিভাগৰ আধৰুৱা কাম সম্পূর্ণ কৰাৰ কথা ঘোষণা কৰিছে ব্রহ্মই৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: