গুৱাহাটী : ২০১৭ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ শুক্ৰবাৰে ঘােষিত ফলাফলত উজলি উঠিল ১৪গৰাকীকৈ অসম সন্তান। অধ্যৱসায় আৰু একাগ্ৰতাৰে সৰ্বভাৰতীয় ধেমাজিৰ শুভজিত, বিহপুৰীয়াৰ পূৰ্ণ পৰ্যায়ৰ পৰীক্ষাটোত ৪১নং স্থান অধিকাৰ কৰি অসমক গৌৰৱান্বিত কৰিলে শিৱসাগৰৰ ডিএছপি পার্থপ্রতিম দাস। গুৱাহাটীৰ জ্যোতিনগৰৰ বিপাশা কলিতাই। সমান্তৰালভাৱে ৰাজ্যখনৰ স্বপ্ননীল পাল (৬৪নং স্থান), মৃগাক্ষী ডেকা (১২৬নং স্থান), আৰণ্যক শইকীয়া (১৪৮নং স্থান), পূর্ণ বৰা (১৪১নং স্থান), নাহৰ প্রণয় প্রকাশ (১৯৯নং স্থান), মনালিকা বৰগােহাঞি (২৩০নং স্থান), মামণি দলে (৫৯৩নং স্থান), শুভজিৎ ভূএ (৬৪৫নং স্থান), পার্থপ্রতিম দাস (৭৩৮নং স্থান), মনােজ স্বর্গীয়াৰী (৭১৫নং স্থান), দীপজয় দাস (৮৫৫নং স্থান), বিদিশা চিন্তে (৮১৮ নং স্থান) আৰু যশােধৰা দাসে (৮৯৪নং স্থান) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমীয়া নতুন বছৰটোত নতুন আশাৰ বাতৰি কঢ়িয়াই আনিলে। উল্লেখ্য যে ৪১নং স্থান দখল কৰি সফলতাৰ নতুন নজিৰ দেখুওৱা গুৱাহাটীৰ জ্যোতিনগৰৰ বিপাশা কলিতা বৰপেটাৰ প্রাক্তন উপায়ুক্ত ফণীধৰ কলিতা আৰু ৰেণু কলিতাৰ ডাঙৰ জীয়াৰী।
২০১৬ বৰ্ষত অসম লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ বর্তমান নগাঁৱৰ সহকাৰী আয়ুক্ত হিচাপে কার্যনির্বাহ কৰি আছে।বিপাশা কলিতাৰ ভগ্নী বিদিশা কলিতাই ২০১৫ চনত কেন্দ্রীয় লােকসেৱা আয়ােগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বর্তমান পশ্চিমবংগৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে কৰ্মৰত। মহানগৰীৰ হ’লী চাইল্ড স্কুল আৰু ফেকাল্টী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত বিপাশা কলিতাই দিল্লীৰ হংসৰাজ কলেজৰ পৰা স্নাতক আৰু বাংগালুৰুৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয়। কিন্তু তাৰ পিছত গুৱাহাটীৰ ডাউন টাউন নিৱাসী পৰাশৰ কাশ্যপৰ লগত বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত প্রতিযােগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ আশা বাদেই দিছিল যদিও স্বামী আৰু পৰিয়ালৰ উদগনিত পুনৰ প্ৰস্তুতি আৰম্ভ কৰে। তাৰ মাজতে ভগ্নী বিদিশাৰ সফলতাই তেওঁক নতুনকৈ প্ৰেৰণা দিয়ে। ২০১৬ চনত এপিএছচিৰ সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছতাে ইউপিএছচিৰ বাবে প্রস্তুতি চলাই যায়। অৱশেষত তেওঁলৈ আহিল ঈপ্সিত সফলতাৰ বাতৰি। নিজৰ ফলাফলত সুখী বিপাশা কলিতাই কয় যে সকলােৱে এই পৰীক্ষাত উত্তীর্ণ হ'ব পাৰে। ধনী-দুখীয়া বুলি কোনাে কথা নাই। কেৱল ইচ্ছা, মনােবল আৰু একাগ্রতা লাগিব। তেওঁ অনুজসকলক উদ্দেশ্যি কয়— ‘মই পাৰিছোঁ, সকলােৱে পাৰিব। ইফালে শ্রেষ্ঠত্বৰ তালিকাত ৬৪নং স্থান অধিকাৰ কৰিছে অসমৰে স্বপ্ননীল পালে। ধাৰাবাহিক প্রচেষ্টাৰে স্বপ্ননীলে ইতিমধ্যে কেইবাবাৰাে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। প্ৰথমবাৰ তেওঁ সাক্ষাৎকাৰ পৰ্যায়ত থমকি ৰােৱাৰ পাছত দ্বিতীয় প্রচেষ্টাত ভাৰতীয় ডাকসেৱা, তৃতীয় প্রচেষ্টাত ৰাজহ সেৱাত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। এইবেলি ৬৪নং স্থান লাভেৰে স্বপ্ননীল পালে ভাৰতীয় প্রশাসনিক সেৱাত নিজৰ নিযুক্তি নিশ্চিত কৰিলে। নিৰৱচ্ছিন্ন অধ্যয়নেই এই সফলতা কঢ়িয়াই আনিছে বুলি স্বপ্ননীলে মন্তব্য কৰে। ৰাজ্যৰ নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু ভাৰতীয় ৰেলসেৱাৰ জ্যেষ্ঠ বিষয়া লীনা শৰ্মাৰ পুত্ৰ আৰণ্যক শইকীয়াই ১৪৮নং স্থান লাভেৰে পৰিয়ালৰ লগতে ৰাজ্যবাসীকো গৌৰৱান্বিত কৰিছে। আৰণ্যক শইকীয়াই গুৱাহাটীৰ ডনবস্ক'ৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অর্থনীতি বিষয়ত স্নাতক আৰু দিল্লী স্কুল অৱ ইকনমিকছৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে। ডিএনএ ইণ্ডিয়াৰ নিয়মীয়া লেখক আৰণ্যক শইকীয়াই ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হােৱাৰ খবৰে পিতৃ-মাতৃৰ লগতে ৰাজ্যবাসীকে উৎফুল্লিত কৰিছে। আজি ঘােষিত ফলাফলত ১৪৯নং স্থান লাভ কৰিছে বিহপুৰীয়াৰ পূৰ্ণ বৰাই। প্রয়াত বাবুল বৰা আৰু ৰেণু বৰাৰ পুত্ৰ পূর্ণ বা সম্প্রতি আয়কৰ বিষয়া হিচাপে নাগপুৰত কৰ্মৰত দৰিদ্ৰ ঘৰৰ সন্তান পূর্ণ বৰাই বিহপুৰীয়া কলেজিয়েট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত, মাধৱদেৱ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত এনআইটি শিলচৰত ইঞ্জিনীয়াৰিঙত শিক্ষা গ্রহণ কৰে। ইতিমধ্যে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হােৱা পূর্ণ বৰাই এইবাৰ নিজৰ স্থান ফলাফল তালিকাত উন্নত কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱাত নিযুক্তি লাভ কৰা ধেমাজিৰ জীয়ৰী মামণি দলৈলৈ এইবাৰাে আহিল ভাল খবৰ। এইবেলি তেওঁ ৫৯৩সংখ্যক স্থান লাভ কৰে। প্রথিতযশা সাহিত্যিক হােমেন বৰগােহাঞি আৰু নিৰুপমা বৰগােহাঞিৰ নাতিনী তথা ষ্টেট বেংক অৱ জয়পুৰৰ জ্যেষ্ঠ বিষয়া অনিন্দ্য বৰগােহাঞি আৰু শােহিনী বৰগােহাঞিৰ জীয়াৰী মনালিকা বৰগােহাঞিয়ে ২৩০নং স্থান লাভ কৰি অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হয়। ৰাজস্থানৰ জয়পুৰত স্কুলীয়া শিক্ষা লাভ কৰা মনালিকাই দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা স্নাতক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে। বিগত ডিচেম্বৰ মাহত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰবেচনাৰী বিষয়া হিচাপে যােগদান কৰা মনালিকা বৰগােহাঞিয়ে নিজৰ ঘৰত থাকিয়ে অসামৰিক সেৱাৰ বাবে প্রস্তুতি চলাই গৈছিল। পৰীক্ষাত উত্তীর্ণ হ'ব বুলি তেওঁ আত্মবিশ্বাসী আছিল। সম্প্রতি শিলচৰত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত শুভজিত ভূঞাই ৬৪৫নং স্থান লাভ কৰি অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰে। ধেমাজি চহৰৰ তিনিআলি নিৱাসী হৰেন ভূঞা আৰু ৰীতা গগৈ ভূঞাৰ পুত্র শুভজিতে শেহতীয়া অসম লােকসেৱা আয়ােগৰ সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল। তেওঁৰ পিতৃ গােগামুখ পঞ্চায়তৰ সচিব পদত কৰ্মৰত। আনহাতে, মাতৃ ধেমাজি টাউন মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্রী। শুভজিত ভূঞাই গুৱাহাটীত আত্মীয়ৰ ঘৰত থাকি নিজকে সর্বভাৰতীয় পৰীক্ষাৰ বাবে সাজু কৰে আৰু আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হয়। শিৱসাগৰৰ উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত পার্থপ্রতিম দাসৰ বাবে আজিৰ দিনটো চিৰস্মৰণীয় হৈ উঠিল। ২০১৬ বৰ্ষত এপিএছচিৰ সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাত উত্তীর্ণ হােৱা পার্থপ্রতিম চলিত বৰ্ষত অসম আৰক্ষী সেৱাৰ বিষয়া হিচাপে প্রশিক্ষণ সামৰি যােগদান কৰে। ২০০৮ চনত চুৰটৰ এনআইটিৰ পৰা ইঞ্জিনীয়াৰিং বিষয়ত শিক্ষা লাভৰ পিছত অইল ইণ্ডিয়াত অভিযন্তা হিচাপে যােগদান কৰে। তাৰ মাজতে ৩ বছৰ পেট্রলিয়াম মন্ত্ৰালয়ৰ অভিযন্তা হিচাপে নতুন দিল্লীতে কার্যনির্বাহ কৰিছিল। তেতিয়াই নিজকে প্রতিযােগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তােলা পার্থপ্রতিম দাসে নিয়মীয়াকৈ বাতৰিকাকত অধ্যয়ন আৰু ৰাজ্যসভা টিভিৰ বিতৰ্কসমূহ চাবলৈ লয়। সাক্ষাৎকাৰত বিশেষ কঠিন প্রশ্ন নােসােধে বুলি উল্লেখ কৰি তেওঁ কয় যে এটা অনুসন্ধিৎসু মন এনেধৰণৰ পৰীক্ষাত উত্তীর্ণ হ'বৰ বাবে জৰুৰী। এনচিইআৰটিৰ পাঠ্যক্রম সর্বভাৰতীয় পৰীক্ষাৰ সহায়ক বুলিও তেওঁ মন্তব্য কৰে। যােৰহাটৰ সন্তান পার্থপ্রতিম দাসে আজি ঘােষিত ফলাফলত ৭৩৮সংখ্যক স্থান লাভ কৰে। একে সময়তে অসমৰ নাহৰ প্রণয় প্রকাশে ১৯৯নং স্থান, মনােজ স্বর্গীয়াৰীয়ে ৭৯৫নং স্থান, বিদিশা চিন্তেই ৮১৮নং স্থান, দীপজয় দাসে ৮৫ ৫নং স্থান আৰু যশােধ দাসে ৮৯৪নং স্থানেৰে সৰ্বভাৰতীয় পর্যায়ত অসমৰ স্থান উজ্জ্বল কৰি তােলে। উল্লেখ্য যে কেন্দ্রীয় লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা ২০১৭ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ১,০৫৮টা পদৰ বিপৰীতে ফলাফল ঘােষণা কৰা হয়। ইয়াৰে ১৮০গৰাকীয়ে ভাৰতীয় প্রশাসনিক সেৱা, ৪২গৰাকীয়ে বৈদেশিক সেৱা, ১৫০গৰাকীয়ে ভাৰতীয় আৰক্ষী সেৱা, ৫৬৫গৰাকীয়ে কেন্দ্রীয় সেৱাসমূহৰ 'এ' গ্রেডৰ বিষয়া আৰু ১২১গৰাকীয়ে ‘বি’ গ্রেডৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। ফলাফলৰ প্রথম তিনিটা স্থানত আছে দুৰীচেট্টি অনুদ্বীপ, অনু কুমাৰী আৰু শচীন গুপ্তা। প্রথম ২৫টা স্থানত ৮গৰাকী মহিলা প্রার্থীয়ে স্থান লাভ কৰাটো এইবাৰৰ ফলাফলত এক উল্লেখনীয় দিশ। সর্বভাৰতীয় পর্যায়ত
অসমৰ ১৪গৰাকী যুৱক-যুৱতীৰ সাফল্যও নিশ্চিতভাৱে নতুন বছৰৰ এক অতি আনন্দ আৰু গৌৰৱৰ বিষয়। ইফালে, আটাইকেইগৰাকী কীর্তিমানক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।
0 comments: