তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ পাচঁশ বছৰ পুৰণি ঐতিহ্য মণ্ডিত ডিমিলা পাৰৰ শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ বাৰ্ষিক হোম যজ্ঞৰ  সফল সামৰণি পৰে। পুৱাৰে পৰা হিল দোল ভাঙি ৰাইজৰ সোঁত বয় শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থান অভিমুখে।
তামুলপুৰ মহকুমাৰ কুমাৰীকাটা,দৰঙ্গা,কাউলী,নাগ্ৰীজুলি,দ্বাৰকুছি,কছুবাৰী,বেলবাৰী ,কালাকুচি,মাজদিয়া,আনন্দ বাজাৰ,হাঁহকাটা,বালাবাৰী,উলুবাৰী,ভকতপাৰা,শালমাৰা আদিৰ উপৰি গুৱাহাটী,সোণাপুৰ,মৰিগাঁও,নলবাৰী,বঙ্গাইগাঁও,ধুবুৰী আৰু সুদুৰ জলপাই গুৰিৰ পৰা ভক্তৰ সমাগম হয়। বিভিন্ন জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হয় ঐতিহাসিক থানখন।বিয়লি ৬বজাত অৱসৰ প্ৰাপ্ত সৈনিক ভবেন দাসে মুখ্য দ্বাৰ উন্মোচন কৰি কাৰ্য সূচীৰ পাতনি মেলিছিল।তাৰপিচতে আৰম্ভ হয় বন্তি প্ৰজ্বলন।সমূহীয়া বন্তি প্ৰজ্বলনত বহুসংখ্যক মহিলাইয়ো অংশ গ্ৰহণ কৰে।৬.৩০ বজাৰ পৰা নগেন দাসৰ দ্বাৰা ভাগৱত পাঠ আৰম্ভ হয়।  পুৱাৰে পৰাই মূল হোম যজ্ঞৰ উপৰি নাগাৰা নাম ,সম্বৰ্ধনা সভা আদি বিভিন্ন কাৰ্য সূচী ৰূপায়ন কৰা হয়।দুপৰীয়া অনুষ্ঠিত বাঁহ গোসাঁই পৰিভ্ৰমণ আছিল দৃষ্টিনন্দন।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: