তামুলপুৰত টেট শিক্ষকৰ কৰুণ গাঁথা : ২৭ মাহে দৰমহাৰ পৰা বঞ্চিত যুৱ শিক্ষকৰ হায়দৰাবাদত কৰুণ মৃত্যু

তামুলপুৰ : সুদীৰ্ঘ ২৭ মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত ভুগি অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে বাগসা জিলাৰ তামুলপুৰ শিক্ষাখণ্ডৰ এগৰাকী টেট শিক্ষকে। তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লতিবাৰী পাকৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা খৈৰানী কাৰখেলা নিৱাসী খেম বাহাদুৰ ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ জিতেন্দ্ৰ ছেত্ৰী (৩০) ৰ শুক্ৰবাৰে পুৱা হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যু হয়। জানিব পৰা মতে অতি অমায়িক স্বভাৱৰ জীতেন্দ্ৰ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ ফলত তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল। ফলত তেওঁৰ পৰিয়ালে উন্নত চিকিৎসাৰ বাবে কিছু দিন পূৰ্বে হায়দৰাবাদলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে । হায়দৰাবাদৰ এখন চিকিৎসালয়ত জিতেন্দ্ৰৰ মাতৃৰ এটা বৃক্ক তেওঁৰ শৰীৰত সংস্থাপিত কৰা হৈছিল । জিতেন্দ্ৰৰ শাৰীৰিক অৱস্থা কিছু উন্নত হোৱাত তেওঁক ঘৰলৈ অনা হৈছিল । উল্লেখযোগ্য যে সেই সময়তেই জিতেন্দ্ৰৰ চিকিৎসাৰ নামত মোটা পৰিমাণৰ ধন ব্যয় কৰিব লগা হৈছিল। জিতেন্দ্ৰৰ পিতৃয়ে স্থাৱৰ অস্থাৱৰ সম্পত্তি বিক্ৰী কৰাৰ উপৰি বিভিন্ন দল সংগঠনৰ লগতে শুভাকাংক্ষীসকলৰ পৰা ধন লৈ চিকিৎসালয়ত পৰিশোধ কৰিছিল। পুনৰ জিতেন্দ্ৰৰ অৱস্থা জটিল হোৱাত আজিৰ পৰা ১০-১২ দিন পূৰ্বে জিতেন্দ্ৰক হায়দৰাবাদলৈ নিয়া হৈছিল যদিও চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ বহন কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত শুক্ৰবাৰে পুৱাৰ ভাগত নিয়তিৰ ওচৰত হাৰ মানে শিক্ষকগৰাকীয়ে । উল্লেখ্য যে ২০১৫ চনৰ পূৰ্বে জীতেন্দ্ৰই কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনত আচাৰ্য হিচাপে যোগদান কৰে । ২০১৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা মাত্ৰ আঠ হাজাৰ টকা বেতনত বিটিচিৰ টেট শিক্ষক হিচাপে লতিবাৰী পাকৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত আছিল জীতেন্দ্ৰ । কিন্তু বিগত ২৭ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছিল শিক্ষকগৰাকী । পৰিয়ালৰ লোকে চৰকাৰক জীতেন্দ্ৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ বিচাৰি বহুবাৰ অনুনয় বিনয় কৰি আহিছিল যদিও কোনো সুফল লাভ কৰা নাছিল । ফলত মাটি, গহণা আৰু হালৰ গৰু পৰ্যন্ত বিক্ৰী কৰি জীতেন্দ্ৰক সুস্থ কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল পৰিয়ালে। তেওঁক সুস্থ কৰি তোলাৰ ক্ষেত্রত তেওঁৰ সহকৰ্মী , তামুলপুৰ আঞ্চলিক বিটিচি টেট সন্থা , বাগসা জিলা গোৰ্খা সন্মিলন , গোৰ্খা ছাত্ৰ সন্থা আদিয়ে কিছু মাহ পূৰ্বে আৰ্থিক বৰঙনি সংগ্ৰহ কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল বিটিচি কৰ্তৃপক্ষই । জিতেন্দ্ৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হয় । এক শোকাকুল পৰিবেশ বিৰাজ কৰে জিতেন্দ্ৰৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত । শিক্ষকগৰাকীৰ মৃত্যুত বাগসা জিলা গোৰ্খা সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, সদৌ বিটিচি টেট উত্তীৰ্ণ সন্থা, তামুলপুৰ আঞ্চলিক টেট সন্থা , লতিবাৰী পাকৰবাৰী মধ্য ইংৰাজী বিদ্যালয় , কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতন আদিকে ধৰি বিভিন্ন দল - সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সম বেদনা জ্ঞাপন কৰে৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: