তামাৰহাটত মটৰ সংস্থাৰ মে' দিৱস পালন

তামাৰহাট :  মে' দিৱস মানেই যেন শ্ৰমিকৰ এক দীর্ঘদিনীয়া সংগ্ৰাম। সেয়েহে বিশ্বৰ পুঁজিপতিসকলৰ শোষণ, শাসন, অপশাসনৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ শ্ৰমিক বনুৱাই দেহৰ ৰক্ত বোৱাই গঢ়ি তোলা বিপ্লৱৰ ফলস্বৰূপে উদযাপন কৰা হয় মে' দিৱস। যেন এই শ্ৰমিক দিৱসত অন্তৰ্নিহিত হৈ আছে নিঃসহায়- নিঃকিন মানৱৰ ধৈৰ্য, সাহস আৰু আত্মত্যাগৰ দীঘলীয়া কাহিনী। সমগ্ৰ দেশৰ অলিয়ে গলিয়ে দৈনিক চব্বিশ ঘণ্টাৰ ভিতৰত ষোল্ল সোতৰ ঘণ্টা কাম কৰি বহু কষ্ট কৰাৰ পিছতো দুবেলা দুমুঠি অন্ন, বস্ত্ৰ,আৰু বাসস্থানৰ অভাৱত থাকিব লগীয়া হয়। এইসকল শ্ৰমিকৰ মৌন দুখ বেদনা অভিশপ্ত জীৱন পথৰ লগৰী ৷ কিন্তু এইসকল নিৰ্যাতিত নিঃসহায় শ্ৰমিক বনুৱাই যেন হাৰ মনা নাই নিজৰ প্ৰাপ্যৰ সংগ্ৰামত। কিয়নো এইসকল বঞ্চিত শ্ৰমিক নিজৰ প্ৰাপ্যৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত পালন কৰি আছে মে' দিৱস অৰ্থাৎ শ্ৰমিক দিৱস। এয়াই যেন এক ন্যায্য প্ৰাপ্তিৰ আন্দোলন। তাৰ ব্যতিক্ৰম নহ:ল ধুবুৰী জিলাৰ তামাৰহাটতো। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য প্ৰাপ্তিৰ দাবীত বিভিন্ন ঠাইৰ লগতে তামাৰহাট মটৰ পৰিবহন সন্থায়েও পালন কৰিলে মে' দিৱস । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট বজাৰস্থিত উত্তৰ পূব বিশেষ পৰিবহন সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে তামাৰহাট শাখা কাৰ্যালয়ত পালন কৰা হয় এই ন্যায্য প্ৰাপ্তিৰ দিৱস। উত্তৰ-পূব বিশেষ পৰিবহন সন্থাৰ তামাৰহাট শাখাৰ সভাপতি দিলদাৰ শ্বেখ আৰু সম্পাদক ইন্দ্ৰ দেয়ে জনোৱা মতে, ৰাতিপুৱাৰে পৰা সন্থাটোৰ অধীনত থকা বাছ, ছাভাৰি, মেজিক, ক্ৰুইজাৰ, ট্ৰেভেলাৰ আদিৰ চালক হেণ্ডিমেনসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে গাড়ী চলাচল বন্ধ ৰাখে। পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যদান আদি কাৰ্যসূচীৰ অনুষ্ঠানৰ যোগেদি ইমান দিনে অৱহেলিত হৈ অহা তামাৰহাট মটৰ সন্থাৰ শ্ৰমিক সকলে চৰকাৰৰ ওচৰত ন্যায় প্ৰাপ্তিৰ দাবী জনায়।

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: