লিডুত ৰে’লৰ খুন্দাত নিহত ব্যক্তিৰ অদ্যপি হোৱা নাই চিনাক্তকৰণ

লিডু : সোমবাৰে লিডু ৰেলৱে প্লেটফৰ্মৰ সন্মুখত হোৱা এক শোকাবহ দুৰ্ঘটনাত এজন ষাঠি উৰ্দ্ধৰ ব্যক্তিৰ অকাল মৃত্যু হয় ৷ উজনিমুৱা ৰেলৰ খুন্দাত নিহত ব্যক্তিজনৰ কোনো চিনাক্তকৰণ বৰ্তমানেও কৰিব পৰা নাই৷ ঘটনাৰ বিৱৰণী অনুসৰি ডিব্ৰুগড়ৰ পৰা লিডু অভিমুখী ডেম ৰেলখনে লিডু ৰেলষ্টেচন পোৱাৰ ক্ষন্তেক পাছতে পুনৰ ডিব্ৰুগড়মুখী হোৱাৰ উদ্দেশ্যে চান্চিং কৰি থকাৰ সময়তে এজন অচিনাক্ত ব্যক্তিয়ে যাত্ৰীবাসী ৰেলখনত উঠিবলৈ চেষ্টা কৰোতে অকস্মাৎ ৰেলখনৰ পৰা পিছলি চকাত পৰেগৈ ৷ লগে লগে চলন্ত ৰেলখনে ব্যক্তিজনৰ শৰীৰটোক ছিন্ন বিছিন্ন কৰি তুলে৷পৰৱৰ্তী সময়ত মৃতদেহটি ৰেল আৰক্ষীয়ে চমজি লয় যদিও বৰ্তমানেও ব্যক্তিজনৰ প্ৰকৃত পৰিচয় চিনাক্ত কৰাটো সম্ভৱ হৈ উঠা নাই৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: